শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ জিলাৰ বৃহত্তৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰা অঞ্চলত ক্রমাগত ভাবে শৈক্ষিক মান নিম্নগামী হোৱাত উদ্বিগ্নতা প্ৰকাশ কৰি আজি কদম আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মূলতঃ শৈক্ষিক মান উন্নত কৰা আৰু শিক্ষানুষ্ঠানসমূহৰ সমস্যা সমূহ সমাধান কৰাৰ দাবীত আজি কদম আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ সভাপতি মাধৱ দত্ত, সাধাৰণ সম্পাদক হৃদয়ানন্দ শইকীয়াৰ নেতৃত্বত যোৱা এটা সজাতি দলে জিলা উপায়ুক্তজনক স্মাৰক পত্ৰ প্ৰদান কৰি অঞ্চলটোৰ শিক্ষানুষ্ঠানসমূহে ভোগ কৰি অহা বিভিন্ন সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিবলৈ দাবী জনায়। বাধাকৰা অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্রস্বৰূপ বিদ্যালয়সমূহত দেখা দিয়া আন্তঃগাঁথনি সমস্যাৰ লগতে ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ ঘটাৰ বাবেই অঞ্চলটোৰ ছাত্ৰ ছাত্রী, অভিভাৱক আদি সমস্যাৰ সম্মুখীন হোৱাৰ লগতে শৈক্ষিক মান ম্লান হৈছে বুলি উল্লেখ কৰে। বধাকৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ৩২৯ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কেৱল ২টা শ্ৰেণীকোঠাত (নৱম আৰু দশম) মাত্র ৭জনহে বিষয় শিক্ষক আছে বুলি কয়। তদুপৰি বিদ্যালয় খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শ্ৰেণীকোঠাৰ অভাৱ হোৱাৰ বাবেই ছাত্র-ছাত্ৰীয়ে উপযুক্ত শৈক্ষিক পৰিৱেশৰ পৰা বঞ্চিত হৈ আহিছে। তেনেদৰে বধাকৰা জনজাতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ত ২৪৬ জন ছাত্র-ছাত্রী আছে যদিও ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ ঘটি আহিছে। বিদ্যালয়খনত প্ৰধান শিক্ষকৰ কোঠাৰো অভাৱ বুলি ছাত্ৰ সন্থাই অৱগত কৰে। একেদৰে বধাকৰা এম কে জনজাতি বিদ্যালয়তো ছাত্র-ছাত্রীৰ অনুপাতে বিষয় শিক্ষক নথকাৰ লগতে বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে এটি জিৰণী কোঠাৰো ব্যৱস্থা নাই বুলি কদম আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ তুলি এই সমস্যা সমূহ শীঘ্ৰে সমাধান কৰিবলৈ জিলা উপায়ুক্তক দাবী জনায়।