শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ ডিচেম্বৰঃ লখিমপুৰৰ শৈক্ষিক জগতৰ এগৰাকী বিদূষী মহিলা দেৱবালা ৰয়ৰ ২৫ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৮৮ বছৰ বয়সত দেহাৱসান ঘটে। লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উপাধ্যক্ষাৰূপে অৱসৰ গ্ৰহণ কৰা ৰয়ে পিছৰ পৰ্যায়ত লখিমপুৰৰ প্ৰথমখন চি বি এছ ইৰ বিদ্যালয়– সংগম একাডেমীৰ শৈক্ষিক উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰি শৈক্ষিক জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে।স্বৰাজোত্তৰ ভাৰতৰ লখিমপুৰৰ প্ৰথমগৰাকী বিধায়ক হেমচন্দ্ৰ হাজৰিকাৰ তৃতীয় কন্যা তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ভূতপূৰ্ব অধ্যক্ষ মোহন চন্দ্ৰ ৰয়ৰ সুযোগ্যা পত্নী দেৱবালা ৰয় লখিমপুৰৰ সামাজিক জীৱনৰ এগৰাকী লেখতলবলগীয়া বিদূষী মহিলা আছিল। লখিমপুৰৰ মহিলা আৰু শিশু কল্যাণৰ হকে কাম কৰা ৰয়ে বুকুত কঢ়িয়াই লৈ ফুৰিছিল প্ৰকৃতিপ্ৰেম। সৰবৰহী মহিলাগৰাকীয়ে মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰীসহ কেবাটিও নাতি-নাতিনী এৰি থৈ গৈছে। আজি তেখেতৰ নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পুষ্প মাল্যৰে শেষ শ্ৰদ্ধা জনোৱাৰ উপৰি সংগম একাডেমীলৈ নিয়া হয় আৰু বিদ্যালয় পৰিয়ালে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।