শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৯ জুলাইঃ লখিমপুৰ জিলাৰ পানীগাঁও থানাৰ অন্তৰ্গত সোৱণশিৰিৰ খাবলুঘাটত আজি আৰু কালি বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰ হোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীৰ খাবলু ঘাটৰ আলিছিগাত পানী যুঁৱলিত কালি ৭টাকৈ এয়াৰগান উদ্ধাৰ হোৱাৰ পিছত আজি পুৱা পুনৰ এটা এয়াৰগান আৰু এটা এয়াৰ পিষ্টল উদ্ধাৰ হয়। কালি স্থানীয় মাছমৰীয়াই এই এয়াৰ গান সমূহ পানী যুঁৱলিত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। স্থানীয় লোকে উক্ত স্থানত আৰু অস্ত্ৰ থকাৰ সন্দেহ কৰি অনুসন্ধান কৰাত আজি পুনৰ দুটাকৈ বন্দুক উদ্ধাৰ হয়। এই অস্ত্রসমূহ এয়াৰগান বুলি পানীগাঁও আৰক্ষীয়ে নিশ্চিত কৰিছে। উদ্ধাৰ হোৱা বন্দুক সমূহ আজি লখিমপুৰ আৰক্ষীয়ে জব্দ কৰি লৈ আহে। কি পৰিস্থিতিত উক্ত স্থানত এনেদৰে এই বন্দুসমূহ উদ্ধাৰ হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও বৃহৎ পৰিমানৰ এয়াৰগান উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। বাৰিষা নাৱেৰে গৈ পশু-পক্ষী নিধনৰ বাবে এই এয়াগান সমূহ কোনো দুর্বৃত্তই অনা বুলি অথবা সোৱণশিৰিৰ বানত অৰুণাচলৰ পৰা এই এয়াৰগান সমূহ উটি অহা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে।