লখিমপুৰৰ ৫ কীৰ্তিমানক লখিমপুৰ জিলা প্ৰশাসনৰ সম্বৰ্ধনা

0 0
উচুপি উঠিল ৰাজীব পালৰ মাতৃ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৩ মে’ ঃ লখিমপুৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি এখন অভিনন্দন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে আঁত ধৰা অভিনন্দন অনুষ্ঠানত সোমবাৰে ঘোষিত মেট্ৰিকৰ ফলাফলত জিলাখনৰ পৰা স্থান লাভ কৰা ৫ জন মেধাবী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, বিধায়ক মানৱ ডেকা আদিৰ উপস্থিতিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা ৰাজীৱ পাল, পঞ্চম স্থান লাভ কৰা কিন্নৰী দত্ত, অষ্টম স্থান লাভ কুলদীপ হাজৰিকা, নৱম স্থান প্ৰাপ্ত ক্ৰমে অংকিতা শইকীয়া আৰু পলক জাজুক উপায়ুক্তই গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, শিক্ষাগুৰুসকল উপস্থিত থকা সভাখনত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে স্থান লাভ কৰা বিদ্যালয় কেইখনৰ মুৰববীসকলৰ লগতে কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক তথা পিতৃ-মাতৃকো সম্বৰ্ধনা জনায়৷ ইফালে অতি দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ ৰাজীৱ পালৰ সাফল্যত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই আনন্দ প্ৰকাশ কৰি দৰিদ্ৰ ছাত্ৰজনৰ অধ্যয়নৰ সমস্ত খা-খৰছ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰে৷ উল্লেখ্য যে অনুষ্ঠানত অভিভাৱকৰ অনুভৱ ব্যক্ত কৰিবলৈ লৈ উচুপি উঠিল ৰাজীব পালৰ মাতৃ। জিলা উন্নয়ন আয়ুক্ত উৎপল বৰাকে ধৰি বহুকেইজন বিষয়া-কৰ্মচাৰী উপস্থিত থকা আজিৰ এই অভিনন্দন অনুষ্ঠানত জিলা উপায়ুক্তই কয় যে ছাত্ৰ-ছাত্ৰীসকলে এনে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰি সকলোকে উৎসাহিত কৰিছে আৰু ভৱিষ্যতে আৰু আগুৱাই যোৱাৰ আহ্বান জনায়৷ ইয়াৰ বাবে পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ভূমিকাকো জিলা উপায়ুক্তই প্ৰশংসা কৰে৷ একেদৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই অনুষ্ঠানত উপস্থিত হৈ কয় যে আজি এওঁলোক আমাৰ বাবে গৌৰৱ৷ তেওঁলোকে সফলতাৰ দুৱাৰ খুলিছেহে আৰু আগুৱাই যাবলৈ বহু দূৰ আছে৷ তোমোলোকে চিকিৎসক অভিযন্তা হোৱাতকৈ মানুহ হোৱাৰহে সংকল্প গ্ৰহণ কৰিব লাগে৷ তোমালোকক যাতে দুবছৰৰ পিছত পুনৰ সম্বৰ্ধনা জনাব পাৰো তাৰ বাবে আমি আশা কৰিলো বুলি তেওঁ কয়৷ একেদৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে আজিৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যৰ বাবে অভিভাৱক সকলো ধন্যবাদৰ পাত্ৰ৷ মোৰ মা কেতিয়াও স্কুললৈ যোৱা নাছিল যদিও তেওঁ মোৰ পঢ়াৰ সময়ত তদাৰক কৰিবলৈ পাহৰা নাছিল৷ আজিৰ এই অনুষ্ঠানত অভিভাৱক তথা অংকিতা শইকীয়াৰ পিতৃ, এল টি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বুবুল শইকীয়া, পলক জাজুৰ মাতৃ ৰজনী জাজু, ছেইণ্ট মেৰীজ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰীসহ কৃতীমান ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰে৷ জিলা উপায়ুক্তই ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, সোনাপুৰ পুখুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিৰ সমস্যা সমূহৰ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.