লখিমপুৰৰ ৰাজপথত জাগৃত নাৰীশক্তি সমিতিৰ উত্তাল প্ৰতিবাদ

মাইক্র ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে সোচ্ছাৰ

0 13
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১০ জুন: লখিমপুৰ নগৰত আজি জাগৃত নাৰীশক্তি সমিতিয়ে উত্তাল প্ৰতিবাদেৰে ৰাজ পথ কঁপাই তোলে। লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ মাইক্ৰ’ফাইনেন্স কোম্পানীটোৱে সাম্প্রতিক সময়তো দৰিদ্র মহিলাসকলৰ ঘৰলৈ গৈ সেই মহিলাসকলক ভয় ভাবুকিৰে মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে আজি লখিমপুৰ আৰু ধেমাজি জিলা সমিতিৰ জাগৃত নাৰীশক্তি সমিতিয়ে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে। সমিতিৰ উপ-সভানেত্রী ৰূপামণি কোঁৱৰ, সম্পাদিকা মানসি ৰাজখোৱাৰ নেতৃত্বত আজি এনে প্ৰতিবাদ সাব্যস্ত কৰা হয়। এক বিবৃতিত মহিলা সংগঠনটিয়ে উল্লেখ কৰে যে বিগত তিনিবছৰ ধৰি জাগৃত নাৰীশক্তি সমিতিয়ে মাইক্ৰ’ফাইনেন্সৰ এজেণ্টসমূহে মহিলাসকলক হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে সমিতিয়ে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অহাত চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ এজেণ্টসমূহক ভুক্তভোগী দৰিদ্ৰ মহিলাসকলৰ ঘৰলৈ গৈ হাৰাশাস্তি নকৰিবৰ বাবে বিভিন্ন সভা-সমিতিত দাবী জনাই আহিছিল। কিন্তু এতিয়াও চৰকাৰৰ নীতি-নিয়ম উলংঘা কৰি লখিমপুৰৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স কোম্পানীৰ একাংশ এজেন্টে মহিলাসকলৰ ঘৰলৈ গৈ বিভিন্ন ভয় ভাবুকি আৰু হাৰাশাস্তি চলাই আহিছে। শেহতীয়াকৈ এই এজেন্টসকলে বিভিন্ন অজুহাতেৰে মহিলাসকলৰ ওপৰত আৰক্ষী চকীত গোচৰ দি গোচৰ পঞ্জীয়ন কৰাৰ ভাবুকিৰে টকা দিবলৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাৰ দৰে অনৈতিক কামত লিপ্ত হৈ আহিছে। সেয়েহে এনে কোম্পানী তথা এজেন্টসকলক এনেধৰণৰ ভয় ভাবুকি আৰু চল-চাতুৰি নকৰিবলৈ নাৰী শক্তিয়ে সকীয়নি দিছে। ইয়াৰ পৰিৱৰ্তে এই বিষয়টো বিবেচনা কৰি মহিলাসকলক সকাহ দিবলৈ বুলি আজি লখিমপুৰৰ জিলা উপায়ুক্তক জাগৃত নাৰীশক্তি সমিতিয়ে এখন স্মাৰকপত্র দি এজেণ্টৰ হাৰাশাস্তিৰ পৰা মহিলাসকলক মুক্তি বিচাৰি আবেদন জনায়। লখিমপুৰত শতাধিক নাৰীশক্তিয়ে এনে কাৰ্যৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি ৰাজপথ উত্তাল কৰি তোলে।
মন্তব্য দিয়ক

Your email address will not be published.