লখিমপুৰ আৰক্ষীৰ এটা ভিডিঅ’ই তোলপাৰ লগাইছে ছ’ছিয়েল মিডিয়াত

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৫ জুলাইঃ লখিমপুৰ আৰক্ষীৰ এটা ভাইৰেল ভিডিঅ’ই ছ’ছিয়েল মিডিয়াত তোলপাৰ লগাইছে৷ কেবামাহ পূৰ্বৰ পুৰণি এটা ভিডিঅ’ই অসম আৰক্ষীক লজ্জানত কৰিছে৷ মাজনিশা এগৰাকী যুৱতীক ডিঙিত ধৰি টানি লৈ লোৱা এই আৰক্ষী বিষয়াজন হৈছে এছ আই গৌৰৱ ভূমিজ৷ সম্প্ৰতি ছ’ছিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হোৱা আৰক্ষী বিষয়াজন সেই সময়ত লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত হৈ আছিল৷ সেই সময়ত ভূমিজে লখিমপুৰ সদৰ থানাৰ চৌহদৰ পিছফালৰ এটা আৱসত আছিল আৰু তেওঁ যুৱতীগৰাকীক সদৰ থানাৰ পিছফালৰ আৱাসিক কলনিলৈ বলপূৰ্বক ভাৱে ডিঙিত ধৰি টানি লৈ যোৱা দৃশ্য ভিডিঅ’টিত প্ৰত্যক্ষ কৰা হয়৷ নিশা বিষয়াজনে সুৰাসক্ত অৱস্থাত অসহায় যুৱতীগৰাকীক চৰকাৰী আৱাসৰ নিজৰ কোঠালৈ টানি নিয়া দৃশ্য বন্দী কৰিছিল কোনো লোকে৷ এই ঘটনাটো তেতিয়া ৰহস্যজনকভাবে গাপ দি ৰখা হৈছিল আৰু ভিডিঅ’ কৰা কেইজনকো মাৰপিট কৰি ভিডিঅ’ ডিলিট কৰি দিছিল৷ সম্প্ৰতি এছ আই ভূমিজে লখিমপুৰ জিলাৰে হাৰমতী আৰক্ষী থানাত কৰ্তব্যত নিয়োজিত হৈ আছে৷ আনহাতে দুদিন পূৰ্বে হাৰমতী আৰক্ষী চকী এলেকাধীন ৰাষ্ট্ৰীয় ঘাইপথত তালাচীৰ সময়ত এই বিষয়াজনে ড্ৰাগছ পেডেলাৰক ধৰি পিছত ৰহস্যজনক ভাৱে এৰি দিয়া বুলিও সৰ্বত্ৰ চৰ্চিত হৈছে৷ এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ ব্যৱস্থা কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সকলোৱে আহ্বান জনাইছে৷ উল্লেখনীয় কথা যে এছ আই ভূমিজে ডিঙিত ধৰি টানি নিয়া এই যুৱতীগৰাকী কোন আছিল সেই তথ্য এতিয়াও পোহৰলৈ অহা নাই আৰু পুৰণি ভিডিঅ এটা এতিয়া কিয় ভাইৰেল হল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.