শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পি এম কিষাণ সন্মান সন্মিলন এটি অনুষ্ঠানৰ আজি পোনপটীয়া সম্প্ৰচাৰৰ হৈ যায়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী, মুৰব্বী ড॰ প্ৰশান্ত কুমাৰ পাঠকে৷ লখিমপুৰ জিলা কৃষি বিভাগ, আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত ৩১১জন উদ্যমী কৃষকে অংশগ্ৰহণ কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত সুমিত সত্তাৱনে৷ তেওঁ কৃষক ৰাইজৰ মাজত পি এম কিষাণ আঁচনি সন্দৰ্ভত সজাগতামূলক বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰৰ আৰক্ষী অধীক্ষক ড॰ বি এম ৰাজখোৱা, জিলা কৃষি বিষয়া গণেশ লাহন, জিলা পশু চিকিৎসা বিষয়া ড॰ চত্ৰপতি গয়াৰী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড॰ ধীৰেণ চৌধুৰী, ভাৰতীয় কৃষি গৱেষণা অনুসন্ধান পৰিষদৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ অৰ্পণ ভৌমিক, লখিমপুৰ আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ উপসভাপতি ক্ৰমে বসন্ত দাস আৰু অল্পনা দত্ত দাসে৷ সভাত দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়৷ সামূহিক বিজ্ঞানৰ বিশেষজ্ঞ দীপশিখা হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত কাৰিকৰী সহযোগ আগবঢ়াই কেন্দ্ৰৰ বিভিন্ন বিভাগৰ বিশেষজ্ঞ ক্ৰমে লক্ষ্মীকান্ত নাথ, সোণমইনা ভূঞা, জ্যোস্না দাস, ড॰ অৰিন্দম চক্ৰৱৰ্তী, বিশ্বজিত কোঁৱৰ, ড॰ নম্ৰতা কাশ্যপ আদিয়ে৷ সভাত কৃষক-বিজ্ঞানীৰ মাজত মত বিনিময় কৰা হয়৷ এই মত বিনিময় অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় কৃষি গৱেষণা অনুসন্ধান পৰিষদ, গোগামুখৰ বিজ্ঞানীসকলৰ লগতে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীদ্বয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে৷