শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ফেব্ৰুৱাৰীঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে নৱ নিযুক্ত অধীক্ষক, উপ-অধীক্ষক আদিৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষ৷ এই কথা সদৰি কৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ হিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অধীক্ষক ডাঃ ৰক্তিম বৰগোহাঁই আদিয়ে৷ চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ চলিত মাহত নিযুক্তি লাভ কৰা অধ্যক্ষ, অধীক্ষক আৰু পি আৰ অ’ তথা লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ অধীক্ষক ডাঃ নিখিল কাকতিয়ে আজি সাংবাদিকসকলৰ লগত চিকিৎসা মহাবিদ্যালয়খনত মিলিত হৈ এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চিকিৎসা মহাবিদ্যালয়খনৰ দায়িত্বপ্ৰাপ্ত এই বিষয়াসকলে কয় যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনে পূৰ্ণতা পাবলৈ আৰু কেবা বছৰ সময়ৰ প্ৰয়োজন হ’ব৷ কিন্তু আমি এতিয়াৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰাজিৰ মাজেৰেই মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো৷ চিকিৎসা মহাবিদ্যালয়খনত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে যদিও ইয়াৰে ১৬ গৰাকীয়েই মহিলা হোৱাৰ বাবে নৈশ কৰ্তব্য সম্পাদনত অসুবিধাৰ সৃষ্টি হৈ অহাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনত প্ৰয়োজনীয় চিকিৎসক নথকাৰ বাবেও অসুবিধাৰ সৃষ্টি হৈ আহিছে বুলি কয়৷ একেদৰে এই চিকিৎসা মহাবিদ্যালয়খনত প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱৰ বাবে চিকিৎসালয়খনত নিয়াৰিকৈ চলাত অসুবিধা হৈছে যদিও এনেবোৰ সমস্যাৰ মাজেৰেই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক নতুন পৰিকল্পনাৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অধীক্ষক ডাঃ ৰক্তিম বৰগোহাঁইয়ে সাংবাদিকেৰে মত বিনিময় অনুষ্ঠানত সদৰি কৰে৷ সম্প্ৰতি চিকিৎসা মহাবিদ্যালয়খনত প্ৰয়োজনীয় এম আৰ আই, চি টি স্কেন আদিৰ বাবে ৰোগীৰ অসুবিধা হৈছে যদিও এনে সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰে৷ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনত আজি দুপৰীয়া অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত ডাঃ জিতু দাস (উপ-অধীক্ষক), ডাঃ মৃগম দলে (উপ-অধীক্ষক, সহযোগী অধ্যাপক), ডাঃ হিৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (অধীক্ষক, শৈল্য চিকিৎসক), ডাঃ নিখিল কাকতি (জনসংযোগ বিষয়া, প্ৰাক্তন অধীক্ষক), ডাঃ দিপেন চৌহান (সহযোগী অধ্যাপক), ডাঃ সৌৰভ কুমাৰ গগৈ আদিৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ কেবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷ চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষই এই চিকিৎসা মহাবিদ্যালয়খনক আগুৱাই নিয়াৰ বাবে সংবাদ মাধ্যমৰ লগতে সকলো লোকৰ সহযোগিতাৰ আহ্বান জনাইছে৷