শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৮ জুন : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ কক্ষত সন্তান সহ প্রসূতি মৃত্যুৰ ঘটনা সন্দৰ্ভত আজি মানৱ অধিকাৰ আয়োগত গোচৰ তৰে মাছৰ সচিব ৰাজু সিংহই। উল্লেখ্য যে যোৱা ২ জুনত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ অন্তৰ্গত ৰঙামুৰি গাঁৱৰ নিবাসী প্রাণে পাটগিৰিৰ পত্নী কইনামাই পাটগিৰিৰ গৰ্ভস্থ সন্তানসহ মৃত্যু হৈছিল। অস্ত্ৰোপচাৰ কক্ষত প্রসূতিগৰাকীক অস্ত্ৰোপচাৰ কৰাৰ বাবে ভর্তি কৰাৰ পিছত চিকিৎসা মহাবিদ্যালয়খনত বিদ্যুতৰ লগতে জেনেৰেটৰত তেল নথকাৰ বাবে সময়মতে অস্ত্ৰোপচাৰ কৰিব নোৱৰাৰ ফলত প্ৰসূতি মহিলাগৰাকী অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হৈছিল। এই ঘটনাই সমগ্ৰ ৰাজ্যত তোলপাৰ লগোৱাৰ পিছত স্বাস্থ্যমন্ত্ৰীয়ে ঘটনাৰ বুজ লৈ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে সেইদিনা অস্ত্ৰোপচাৰৰ দায়িত্বত থকা চিকিৎসক ত্রিনয়ন মিলিক নিলম্বিত কৰিছিল। বিভিন্ন দল-সংগঠন আৰু সচেতন ৰাইজে চিকিৎসকজনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই আহিছে যদিও এই পর্যন্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই। সেইদিনাই মেডিকেল কর্তৃপক্ষৰ বিৰুদ্ধে প্রাণে পাটগিৰিয়ে উত্তৰ লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। আনহাতে আজি উক্ত ঘটনা সন্দৰ্ভত মাছৰ সচিব ৰাজু সিংহই মানৱ অধিকাৰ আয়োগত গোচৰ তৰি বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ৰাজু সিংহই অভিযোগ কৰে যে সেইদিনা কইনা পাটগিৰিয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই সন্তান সহ মৃত্যুমুখত পৰে বুলি আয়োগত গোচৰ তৰি এয়া ভয়ংকৰ মানৱ অধিকাৰ উলংঘন কার্য বুলি দাবী কৰে।