শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৫ আগষ্ট: দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি লখিমপুৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত কাৰ্গিল শ্বহীদ পৰিয়ালসহ অন্যান্য ২১ জন প্ৰাক্তন সৈনিকক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ, যান-বাহন পৰিদৰ্শক সঞ্জীৱ কুমাৰ চুতীয়াৰ উপস্থিতিত তেলাহী তুৱাৰাম নাথ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দিব্যজ্যোতি নাথে আঁত ধৰা অনুষ্ঠানত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে প্ৰাক্তন সৈনিক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ আদিৰে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কাৰ্গিল শ্বহীদ পৰিয়ালকো সম্বৰ্ধনা জনোৱা হয়।