লখিমপুৰ জিলা সাহিত্য সভাত অথন্তৰ

৬ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ ভিতৰত ৫ জনৰে নাকচ

0 103

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ নৱেম্বৰ: লক্ষীমপুৰ জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থী সকলে দাখিল কৰা মনোনয়ন পত্ৰ সমূহ আজি লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস শইকীয়া ভৱনত পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে এইবাৰ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ মুঠ ৩ টা পদৰ বাবে মুঠ ৬ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে যদিও নিৰ্বাচনী সমিতিয়ে আজি মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ অন্তত কেৱল এগৰাকী উপ-সভাপতি পদৰ প্ৰাৰ্থীৰহে মনোনয়ন পত্ৰ বৈধ পোৱা হয়। এইবাৰ সভাপতি পদৰ বাবে ৩ গৰাকীয়ে, উপ-সভাপতি পদৰ বাবে ২ গৰাকীয়ে আৰু সম্পাদক পদৰ বাবে ১ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিপৰীতে তিনিওগৰাকী সভাপতি, এগৰাকী উপ সভাপতি আৰু একমাত্ৰ সম্পাদক পদৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ নাকচ হয়। নিৰ্বাচন সমিতিয়ে আজি উপ সভাপতি পদৰ বাবে সঞ্জীৱ উপাধ্যায়ৰ মনোনয়ন পত্ৰহে বৈধ বুলি ঘোষণা কৰে। সেয়ে জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যকৰী সমিতিৰ বাবে সভাপতি আৰু সম্পাদক পদৰ এজনো প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ নোহোৱাত আজি নিৰ্বাচনী সমিতিয়ে জৰুৰী বৈঠক অনুষ্ঠিত কৰি সভাপতি আৰু সম্পাদকৰ নিৰ্বাচনৰ বাবে নতুনকৈ তাৰিখ নিৰ্দ্ধাৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰে। সেইমৰ্মে নিৰ্বাচনী সমিতিয়ে নতুনকৈ ঘোষণা কৰা নিৰ্বাচনী সময় সূচী অনুসৰি প্ৰাৰ্থী সকলে ২৬ নৱেম্বৰ/২০২২ তাৰিখে ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত লখিমপুৰ নগৰৰ মৈদমীয়াস্থিত জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় লক্ষীবিলাস শইকীয়া ভৱনৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ৪ ডিচেম্বৰ/২০২৩ তাৰিখে ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ লক্ষীমপুৰ জিলা সাহিত্য সভাৰ কাৰ্য্যালয়ত নিৰ্বাচনী সমিতিৰ ওচৰত জমা দিব লাগিব। মনোনয়ন পত্ৰ সমূহ ১০ ডিচেম্বৰ তাৰিখে দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত পৰীক্ষা কৰা হ’ব আৰু সেইদিনাই বিয়লিলৈ বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। আনহাতে ১১ ডিচেম্বৰ তাৰিখে দিনৰ ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেইদিনাই বিয়লিলৈ প্ৰকাশ পাব চূড়ান্ত প্ৰাৰ্থী তালিকা। আনহাতে ১৮ ডিচেম্বৰ তাৰিখে ১১ বজাৰ পৰা ৩ বজাৰ ভিতৰত শাখা সমূহৰ মাজত বেলট কাকত সমূহ বিতৰণ কৰা কৰা হ’ব। ৭ জানুৱাৰী/২০২৩ তাৰিখে বিয়লি ৩ বজাত ভোট প্ৰদানৰ সামৰণি পৰিব । ৮ জানুৱাৰী /২০২৩ তাৰিখে দিনৰ ১১ বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ’ব। ইয়াৰ বাহিৰে নিৰ্বাচনৰ অন্যান্য সকলো নীতি-নিয়ম পূৰ্বৰ দৰেই বাহাল থাকিব বা পূৰ্বে ঘোষণা কৰা নীতি-নিয়মৰ কোনো ধৰণৰ সাল সলনি নহয় বুলি প্ৰকাশ কৰিছে নিৰ্বাচনী সমিতিৰ মুখ্য নিৰ্বাচনী বিষয়া তিলেশ্বৰ বৰা, নিৰ্বাচনী বিষয়াদ্বয় সত্যজিৎ দত্ত আৰু ক্ষীৰোদ কাকতিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.