শতাব্দ প্রতিনিধি, লখিমপুৰ, ৫ মাৰ্চঃ সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাটো জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন অংশত সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু জিলা অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কোষ, লখিমপুৰৰ উদ্যোগত উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু লখিমপুৰ চাইকেল ক্লাৱৰ সহযোগত জিলা পৰ্যায়ৰ অনুষ্ঠান অনুষ্ঠিত হয় উত্তৰ লখিমপুৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । উক্ত অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰাই উপস্থিত থাকি চাইকেল চলোৱাৰ যোগাত্মক দিশসমূহৰ বিষয়ে ছাত্র-ছাত্ৰী সকলৰ আগত মন্তব্য ৰাখে তদুপৰি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে। ৰেলীৰ অন্তত ৰাজ্যিক পৰ্য্যায়ত পদক লাভ কৰি লখিমপুৰ জিলাৰ নাম উজ্জলবলৈ সক্ষম হোৱা চাইকেলিষ্ট ক্ৰমে কৌষ্ঠৱ মণি হাজৰিকা আৰু ডনী গগৈক লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অসমক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰা তৃষ্ণা ভৰালীক সম্বৰ্ধনা জনাই। তদুপৰি লখিমপুৰ জিলাৰ বিভিন্ন স্বাস্থ্য ও কল্যাণ কেন্দ্ৰত আগন্তুক ৮ জানুৱাৰীৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সুস্থ নাৰী, সুস্থ ভাৰতবর্ষ (Healthy Women, Healing India) শ্লোগানেৰে চাইকেল ৰেলী অনুষ্ঠিত কৰা হয় ।