লখিমপুৰ জিলা হিল্লাল কমিটি গঠন

0 59

শতাব্দ, লখিমপুৰ, ৮ জানুৱাৰীঃ কালি দুপৰীয়া লখিমপুৰ বৰ মছজিদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ‘লখিমপুৰ জিলা হিল্লাল কমিটি’ খন গঠন কৰা হয় । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে ডক্টৰ আব্দুল মান্নানে । সভাত অংশ গ্ৰহণ কৰি আলহজ চামছুল হুছেইন, চাদিকুল হুছেইন, আচান আলি, ৰাতুল হুছেইন, ইমাদুচ চালাম হাজৰিকা, ভিক্টৰ আহমেদ, ৰূপতি হাজৰিকা আদিয়ে ভাষণ ৰাখে। ইয়াৰ পিছত সৰ্বসন্মতিক্ৰমে আলহজ চামচুল হুছেইনক সভাপতি, কামৰুল হুছেইনক সম্পাদক হিচাপে লৈ এখন জিলা কমিটি গঠন কৰা হয় । ইয়াত মতিউৰ ৰহমানক কাৰ্যকৰী সভাপতি আৰু ডক্তৰ আব্দুল মান্নান,আচান আলি, হাইদৰ হুছেইন, ৰাতুল শহুছেইনক উপ- সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় । লগতে আন কেইবাজনকো লৈ মুঠ ১৫ জনীয়া সদস্যৰে এখন কাৰ্যকৰী কমিটি গঠন কৰা হয় । কমিটীখনৰ উপদেষ্টা হিচাপে আছে হাৰনুল ৰছিদ, মোবাৰক হুছেইন চৌধুৰী হাইদৰ হুছেইন, ইমাদুচ চালাম হাজৰিকা, ৰাতুল হুছেইন আদি ।
আনহাতে, অহা ১৩ জানুৱাৰীত কাৰ্যকৰী কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰি তাত কমিটিৰ কাৰ্য-বিবৰণিসমূহ নিৰ্দ্ধাৰণ কৰা হ’ব ।

মন্তব্য দিয়ক

Your email address will not be published.