0 36
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পথৰ দাঁতিত হাউলি থকা বিপজ্জনক গছ কটা কাৰ্য আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে৷ উল্লেখ্য যে নগৰখনৰ বিভিন্ন স্থানত এনদৰে পথৰ দাঁতিত বিপজ্জনক ভাৱে বহু হাউলি আছে৷ এই গছবোৰেও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত কৰিব পাৰে৷ লখিমপুৰ নগৰৰ চৌদিশে পথৰ দাঁতিতে থকা ভয়ংকৰ গছসমূহে যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা ব্যক্ত কৰিয়েই প্ৰশাসনে শেহতীয়াকৈ এনে ব্যৱস্থা গ্ৰহণ কৰিছে৷ আজি দিনৰ ভাগত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথ বন্ধ কৰি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত পথলৈ হাউলি থকা কেবাজোপা গছ কটাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ উল্লেখ্য যে যোৱা ৬জুলাইতে লখিমপুৰ নগৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ সমূহে দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই আনিছে বুলি শতাব্দত বাতৰি প্ৰকাশ পাইছিল৷ ইয়াৰ পিছতো ১২ জুলাইত খেলমাটিত এনে এডাল প্ৰকাণ্ড গছ পথত বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হয় আৰু কেবাখনো যানবাহনৰ বিস্তৰ ক্ষতি হয়৷ ইয়াৰ পিছতে আজি পথলৈ হাউলি থকা গছ কটাৰ বাবে প্ৰশাসনৰ গা লৰে৷