লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আন্তৰ্জাতিক ছাত্ৰ দিৱস পালন

0 26

উত্তৰ লখিমপুৰঃ ১৫ অক্টোবৰঃ আন্তৰ্জাতিক ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উদযাপন কৰা হয়। সেই উদ্দেশ্যে আয়োজিত এক সভাত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক অচ্যুত কুমাৰ গগৈয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ইংৰাজী বিভাগৰ মুৰব্বী তথা বিশিষ্ট স্তম্ভলেখক ছাজ্জাদ হুছেইনে। ভাষণত অধ্যাপক হুছেইনে ড০ কালামৰ জীৱন আৰু কৰ্মৰাজি আৰু শিক্ষক হিচাপে তেওঁৰ বিভিন্ন অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি দিনটোৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰে।
সেই উপলক্ষে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ গোপাল কুমাৰ ছেত্ৰীয়েও ভাষণ দিয়ে। সভাত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি মোহিত কুমাৰ তাপাড়িয়াই ছাত্ৰ-ছাত্ৰীৰ হৈ ভাষণ দিয়ে। সভাৰ আঁত ধৰে সমাজবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মহেশ দত্তই।

মন্তব্য দিয়ক

Your email address will not be published.