উত্তৰ লখিমপুৰঃ ২০ অক্টোবৰঃ ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ ঘটনাৰ উপলক্ষে ৰাষ্ট্ৰীয় সংহতি দিৱস আজি লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত পালন কৰা হয়। সেই উপলক্ষে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ দ্বাৰা এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যক্ষ ড০ লোহিত হাজৰিকাই। দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ এন এছ এছ ইউনিটৰ সমন্বয়ক অধ্যাপক পংকজ লোচন দাসে। সভাত ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধত প্ৰাণ ত্যাগ কৰা সৈনিক সকলৰ সন্মানৰ বাবে এক মিনিট মৌনতা অৱলম্বন কৰা হয়। ১৯৬২ চনৰ যুদ্ধৰ এখন তথ্যচিত্ৰও সেই উপলক্ষে মহাবিদ্যালয়খনত প্ৰদৰ্শন কৰা হয়।