লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত বহাগী উছৱত তোৰণৰ আধাৰশিলা

অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অংশগ্ৰহণ

0 26

লখিমপুৰ, ২৮ এপ্ৰিলঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে বহাগী উছৱ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ চুকুলীভৰীয়া চৌহদত সেই উদ্দেশ্যে আজি পুৱা আভ্যন্তৰীণ নিৰাপত্তা আৰু পৰিষ্কৰণ কোষৰ দ্বাৰা আয়োজিত এক চাফাই কাৰ্যসূচী উদ্বোধন কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। ইয়াৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰয়াত ৰবীন বৰদলৈৰ সোঁৱৰণত তেখেতৰ পৰিয়ালে আগবঢ়োৱা তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা অনুষ্ঠানত নেতৃত্ব দিয়ে প্ৰয়াত ৰবীন বৰদলৈৰ পত্নী উৰ্মিলা শইকীয়া বৰদলৈ, পুত্ৰ ডাঃ দেৱাশিস বৰদলৈ, জীয়াৰী তথা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক বহ্নিশিখা বৰদলৈ, জোঁৱাই হিৰণ্য দত্ত, বোৱাৰী ডাঃ কে. এম. ৰিভা দাস আৰু কণিষ্ঠ ভাতৃ ড° জ্যোতিষ বৰদলৈয়ে। ইয়াৰ পিছতে সকলো অধ্যাপক, গ্ৰন্থগাৰিক আৰু ছাত্ৰ-ছাত্ৰীয়ে এক বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ হুঁচৰি দলে ইয়াৰ পিছত বহাগী উছৱৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জনপ্ৰিয় বোলছবি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.