শতাব্দ ষ্টাফ ৰিপটাৰ লখিমপুৰ, ৮ মাৰ্চঃ উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। তদুপলক্ষে মহাবিদ্যালয়খনৰ মহিলা কোষ আৰু এন এছ এছ ইউনিটৰ উদ্যোগত আয়োজিত এখন সভা উদ্বোধন কৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰেমানন্দ হাওঁবৰাই আৰু ইয়াৰ অধ্যক্ষতা কৰে অধ্যক্ষ ড° লোহিত হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়খনৰ মহিলা কোষৰ আহ্বায়ক ড° মঞ্জু মণি শইকীয়াই। সভাৰ আৰম্ভণিতে অৰ্থনীতি বিভাগৰ অধ্যাপিকা ড° শিখা মনি বৰগোহাঁইৰ একক ভায়লিন পৰিবেশনৰ পিছত মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ কৰ্মচাৰী হিমাদ্ৰী ডেকাই গীত পৰিৱেশন কৰে। গীত পৰিবেশন কৰে শিক্ষা বিভাগৰ অধ্যাপিকা ড০ অৰূপা দত্ত, ইংৰাজী বিভাগৰ অধ্যাপক ড০ হৰিণী পাটোৱাৰী দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক জ্যোতিষ্মিতা বৰাই। সেই অনুষ্ঠানত অসমীয়াৰ অধ্যাপিকা মৃদুস্মিতা হাজৰিকাই নিজৰ পাঁচটা অণু গল্প পাঠ কৰে। অনুষ্ঠানত কবিতা আবৃত্তি কৰে অসমীয়া বিভাগৰ অধ্যাপক ড° বিভা দত্তই। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ বন্তি হাওঁবৰাই সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ নাৰী দিৱসৰ বিৱৰ্তনৰ বিষয়ে বিতংভাৱে কয় আৰু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালনৰ সূচনা কৰা পৰিঘটনাসমূহক ব্যাখ্যা কৰে। অতীজৰে পৰা ভাৰতৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাত নাৰী দিৱসৰ দিনটোৰ গুৰুত্ব নিজৰ কৰি লৈ গ্ৰাম্য জনসাধাৰণৰ মাজত সমতাৰ বাৰ্তা আগবঢ়াই নিবলৈ সকলোকে আহ্বান জনায়। সেই উপলক্ষে মৃদুস্মিতা হাজৰিকা, জ্যোতিষ্মীতা বৰা, পিংকী বৰ্মন, ৰং প্ৰিয়া শইকীয়া আৰু হিমাদ্ৰী ডেকাই নৃত্য পৰিবেশন কৰে। এন এছ এছ-লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সমন্বয়ক পংকজ লোচন দাসে শলাগৰ শৰাই আগবঢ়ায়।