লখিমপুৰ, ২৭ জুনঃ লখিমপুৰ শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা বিভাগৰ সমল ব্যক্তি পংকজ হাজৰিকা আৰু দিপক শইকীয়াৰ উদ্যোগত আজি লখিমপুৰ শিক্ষা খণ্ডৰ প্ৰশিক্ষণ গৃহত হেলেন কেলাৰৰ জন্ম দিন উদ্যাপন কৰা হয়। হেলেন কেলাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিনোদ মৰাঙে। আনহাতে দ্বীপ প্ৰজ্বলন কৰে মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হেমন্ত হাজৰিকা, উত্তৰ লখিমপুৰ মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰূপম সোনোৱাল, সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহঃসম্পাদিকা ৰাণী বৰুৱাই। হেলেন কেলাৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে সমল ব্যক্তি পংকজ হাজৰিকাই। অনুষ্ঠানত অতিৰিক্ত সহায়ক সমল ব্যক্তি চক্ৰ ভৰালী, শিক্ষা খণ্ডটিৰ সমূহ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়কসকল আৰু শিক্ষক সন্মিলনীৰ প্ৰতিনিধি সকল উপস্থিত থাকে।আজি এক বিশেষ দিন।আজি এগৰাকী অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন কিন্তু বাক – শ্ৰৱণ ও দৃষ্টি প্ৰতিবন্ধী ব্যক্তিৰ জন্ম দিন।ব্যক্তি গৰাকী ৰ নাম Helen keller। হেলান কেলাৰৰ জন্ম হৈছিল ১৮৮০ চনৰ ২৭জুন তাৰিখে।এইগৰাকী স্বনাম ধন্য ব্যক্তি একাধাৰে লেখক, ৰাজনৈতিক কৰ্মী আৰু মানৱতাবাদী ব্যক্তি আছিল। তেওঁ মাত্ৰ ১৯ মাহ বয়সতে এক দুৰাৰোগ্য অসুখত অসুস্থ হৈ পৰে।বহু চিকিৎসাৰ অন্তত কথমপি জীৱনটো ৰক্ষা পৰিল যদিও কথা কোৱা ,শুনা আৰু দেখা শক্তি হেৰুৱাই পেলায়। এওঁ ১৯৪০চনত প্ৰথম দৃষ্টি প্ৰতিবন্ধী ব্যক্তি হিচাবে স্নাতক ডিগ্ৰী লাভ কৰে। এই গৰাকী অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন ব্যক্তিৰ আত্মজীৱনী খনৰ নাম হ’ল- “The story of My Life “। টেলিফোন আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেল নাম বিজ্ঞানী গৰাকীয়ে Helen Keller ক প্ৰাথমিক পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেওঁৰ তীক্ষ্ণ বুদ্ধিমত্তাৰ উমান পাইছিল। গ্ৰাহাম বেলে কৈছিল যে পৰিকল্পনা অনুযায়ী শিক্ষা ও প্ৰশিক্ষণৰ ব্যবস্থা কৰিলে প্ৰতিবন্ধী ব্যক্তি সকলেও স্বাভাৱিক জীৱনৰ দৰেই এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়। হেলেন কেলাৰৰ মৃত্যু হয় ১৯৬৮চনৰ ১ জুন তাৰিখে।