লাডাখত পুনৰ আক্ৰমণাত্মক ‘ড্ৰেগন’

চীনৰ যুদ্ধ বিমান ভাৰতৰ আকাশমাৰ্গত

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুলাই : লাডাখত পুনৰ আক্ৰমণাত্মক হৈ পৰিছে ‘ড্ৰেগন’। পুনৰ ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে চীনৰ যুদ্ধ বিমান। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় বায়ুসেনাই যুদ্ধ বিমান প্ৰেৰণ কৰি আক্ৰমণকাৰীক বাধা দিয়ে। ২০২০ চনত লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনা সেনাৰ মাজত ৰক্তাক্ত সংঘৰ্ষ সংঘটিত হৈছিল। ২০ জন জোৱানৰ প্ৰাণৰ বিনিময়ত ভাৰতীয় সেনাই আক্ৰমণকাৰীক প্ৰতিহত কৰিছিল। সামৰিক পৰ্যায়ত কেইবাটাও ৰাউণ্ডৰ আলোচনাৰ অন্তত সেই অৰ্থত লাডাখৰ পৰিস্থিতি সলনি নহ’ল। এ এন আইৰ মতে জুন মাহৰ শেষৰফালে চীনৰ এখন যুদ্ধ বিমানে পূব লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত খুন্দা মাৰে। দুয়োটা বাহিনীৰ মাজত সংঘৰ্ষৰ কেন্দ্ৰৰ ইমান ওচৰলৈ ৰেড আৰ্মীৰ বিমান আগমন এক অতি চিন্তাৰ বিষয়। জানিব পৰা মতে, নিশাৰ আন্ধাৰত চীনা জেট বিমানখন ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল। কিন্তু ৰাডাৰত ধৰা পৰিল বিমানখনৰ গতিবিধি। তাৰ পিছত আহিল ‘ষ্টেণ্ডাৰ্ড অপাৰেচন প্ৰচিডিউৰ’ মানি চলি আকাশত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান। আক্ৰমণকাৰীক ৰখাই দিয়া হ’ল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি লাডাখ সীমান্তৰ সিটো পাৰে চীনে সামৰিক অনুশীলন চলাই আছিল। সেই সময়তে ৰেড আৰ্মীৰ বিমানখনে আক্ৰমণ কৰে। লাডাখ সীমান্তৰ দায়িত্বত আছে সেনাৰ নৰ্দাৰ্ণ কমাণ্ড। একে সময়তে বায়ুসেনাৰ পশ্চিম কমাণ্ডৰ দায়িত্বত আছে অঞ্চলটোৰ আকাশমাৰ্গৰ সুৰক্ষাৰ দায়িত্ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, অঞ্চলটোত ৰঙা সেনাৰ যিকোনো আক্ৰমণাত্মক কাৰ্যকলাপ বিফল কৰিবলৈ সেনাই সক্ষম। টেংক, কামান, যুদ্ধ বিমানৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সঁজুলিৰে সুসজ্জিত বাহিনী আছে। জুন মাহত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে পূব লাডাখৰ সীমান্তৰ সিপাৰে চীনৰ হোটান বায়ুসেনা ঘাটিত কাৰ্যকলাপ সংঘটিত হৈছে। তাত ৰঙা সেনাই ২৫ খন অত্যাধুনিক জে-১১ আৰু জে-২০ যুঁজাৰু বিমান মোতায়েন কৰিছে। ইয়াৰ পূৰ্বে চীনৰ এয়াৰবেছত মিগ-২১ বিমান আছিল। কিন্তু এইবাৰ আধুনিক আৰু জটিল যুদ্ধ কৰিব পৰাকৈ জে-১১ৰ দৰে বিমান নিয়োগ কৰাটো চিন্তাৰ বিষয়।

মন্তব্য দিয়ক

Your email address will not be published.