শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ জুন : লাদাখত পুনৰ সংঘর্ষৰ প্রস্তুতি চলাইছে চীনে? এই এলেকাত চীনা সেনাৰ গতিবিধিক লৈ নতুন দিল্লীক সতর্ক কৰিছে মার্কিন যুক্তৰাষ্ট্রই। ৱাছিংটনৰ দাবী— লাদাখত চীনা সেনাৰ যাতায়াতৰ ছবি দৃষ্টিগোচৰ হৈছে, যিটো বেছ উদ্বেগজনক। তেন্তে কি নতুনকৈ সংঘর্ষৰ পথত অগ্ৰসৰ হোৱাৰ কথা ভাবিছে বেইজিঙে ? মার্কিন সেনাৰ শীর্ষ বিষয়াৰ তেনেকুৱাই দাবী। লাদাখত চীনে যিদৰে নানা নির্মাণকাৰ্য আৰম্ভ কৰিছে, তাক লৈ আশঙ্কা বাঢ়িছে ভাৰতৰ। US Army Pacificৰ কমাণ্ডিং জেনেৰেল চার্লছ এ ফ্লিনে চীনৰ আচৰণ সন্দেহজনক বুলি ব্যাখ্যা কৰিছে। তেওঁ কয় যে, হিমালয় সীমান্তজুৰি চীনে যিদৰে নানা নির্মাণ আৰম্ভ কৰিছে সেয়া ভাৰতৰ বাবে বোজা হৈ উঠিব পাৰে। ফ্লিনে আৰু কয় যে, যি হাৰত চীনা সেনাই গতিবিধি বঢ়াইছে, সেয়া চকু খুলি দিয়াৰ বাবে যথেষ্ট। সেয়ে এতিয়াৰ পৰাই সতর্ক হোৱা উচিত নতুন দিল্লী। নহ’লে অদূৰ ভৱিষ্যতে কোনো বৃহৎ সংঘাতৰ বোজা বহন কৰিবলগীয়া হ’ব পাৰে। ইউএছ আর্মি জেনেৰেলৰ প্রশ্ন— আচম্বিতে লাদাখত কেনেকৈ নির্মাণ কৰিছে চীনা সেনাই? কি উদ্দেশ্য লৈ নতুনকৈ গতিবিধি আৰম্ভ হৈছে? ফ্লিনে আৰু কয় যে, যি সময়ত এই এলেকাত শান্তি বজাই ৰখাক লে দুই দেশৰ আলোচনা চলিছে, তেনে সময়তে চীনৰ এই ধৰণৰ আচৰণে তেওঁলোকৰ দ্বিমুখী নীতিৰেই পৰিচয় দিয়ে। উল্লেখ্য যে, ১১ মার্চত ১৫তম বৈঠকত বহিছিল ভাৰত আৰু চীন। এতিয়াও পূব লাদাখৰ এলেকাবোৰৰ সতে সম্পর্কিত সমস্যাৰ সমাধান হোৱা নাই। হটস্প্রিং সংলগ্ন ১৫ নম্বৰ পেট্রলিং পইন্টৰ পৰা চীনা সেনা আঁতৰাই দিয়া হোৱা নাই। সম্প্রতি কাংকা লা-ৰ ওচৰত গোগৰা হটস্প্রিং এলেকাত ৰীতিমত ঘাটি পাতি অৱস্থান কৰিছে চীনা সেনা। ইফালে ভাৰত আৰু মার্কিন যুক্তৰাষ্ট্রই চলিত বছৰৰ অক্টোবৰ মাহত যুদ্ধ আখৰা আৰু শীতকালীন প্রস্তুতিৰ অংশ হিচাবে হিমালয়ত নৰ পৰা দহ হাজাৰ ফুট উচ্চতাত মিছন পৰিচালনা কৰিবলৈ প্রস্তুত হৈছে। কিন্তু সঠিককৈ ক’ত এই আখৰা হ’ব সেয়া এতিয়াও কোৱা হোৱা নাই। জনা গৈছে আলাস্কাত একেই ধৰণৰ প্রতিকূল পৰিৱেশত ট্রেইনিং ল’ব ভাৰতীয় সেনাই। ইয়াৰ ভিতৰত আছে নতুন প্রযুক্তি, বিমান বাহিনীৰ সম্পদ, এটেক এভিয়েচন, লজিষ্টিকছ আৰু ৰিয়েল-টাইম ভিত্তিত তথ্য আদান-প্রদান। উল্লেখ্য যে, বিগত বছৰত ভাৰত চীন সংঘর্ষৰ পিছত লাদাখৰ এলেকাত সামৰিক উত্তাপ এতিয়াও প্ৰশমিত হোৱা নাই।