শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ২৫ মেঃ টিৰাপ কলিয়ৰী মুকলি কৰাৰ দাবীত সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ । আজি লিডুত পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ উদ্যোগত কলিয়ৰীটো মুকলি কৰাৰ দাবীত বিক্ষোভ প্রদৰ্শন কৰে | ২০২০ চনৰ তিনি জুনৰ পৰা বন্ধ হৈ আছিল মাৰ্ঘেৰিটা মহকুমাৰ ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগ উত্তৰ পূৱ কয়লা ক্ষেত্রৰ উৎপাদন। টিকক কলিয়ৰীত শেহতীয়াকৈ উৎপাদন আৰম্ভ কৰিছে যদিও টিৰাপ কলিয়ৰী আজিও মুকলি নহল | যুৱ ছাত্র পৰিষদে টিৰাপ কলিয়ৰী শীঘ্রে মুকলি কৰাৰ দাবীত আজি টিৰাপ কলিয়ৰীৰ সন্মুখত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী | প্রতিবাদকাৰী সকলে বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে | যুৱ ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সম্পাদক কাঞ্চন বৰা, আঞ্চলিক সমিতিৰ বিমল সিঙৰ নেতৃত্বত পৰিষদৰ সদস্য সকলে টিৰাপ কলিয়ৰীৰ মাইনিংত নিয়োজিত শ্রমিক কৰ্মচাৰীসকলৰ স্বাৰ্থত এই কলিয়ৰীটো পুনৰ আৰম্ভ কৰাৰ দাবী জনায় |কেইবা বছৰো বন্ধ হৈ থকা কলিয়ৰীটোৰ মাইনিং শ্রমিক কৰ্মচাৰী সকলৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰা বুলি পৰিষদে অভিযোগ কৰে |পাছত পৰিষদে এক স্মাৰক পত্র মুখ্যমন্ত্রীলৈ মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিৰ যোগে প্রেৰণ কৰে |