শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ অক্টোবৰ : আৰ্কটিক মহাসাগৰ আৰু কেৰিবিয়ান সাগৰ নোহোৱা হৈ যাব। অহা ২০ৰ পৰা ৩০ কোটি বছৰত এছিয়া মহাদেশ আৰু আমেৰিকা মহাদেশ লগ হৈ এখন বিশাল নতুন মহাদেশৰ সৃষ্টি হ’ব— আমেছিয়া! ইয়াক ছুপাৰ কন্টিনেণ্ট বোলা হ’ব। কিন্তু এনে আচৰিত খবৰ কিয়? অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয় আৰু চীনৰ পেকিং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলে যৌথ অধ্যয়ন চলাইছিল। তেওঁলোকে দেখিছে যে প্ৰশান্ত মহাসাগৰ শুকাই গৈছে। প্ৰশান্ত মহাসাগৰ বছৰি ১ ইঞ্চিকৈ শুকাই গৈ আছে। আৰু ফলস্বৰূপে এছিয়া আৰু আমেৰিকাই ইখনে সিখনৰ লগত সংযোগ স্থাপন কৰিব। বিজ্ঞানীসকলে এনে হ’ব বুলি ভবাৰ কাৰণ আছে। দৰাচলতে ৬০ কোটি বছৰৰ পাছত পৃথিৱীত এটা ছুপাৰকন্টিনেণ্ট চক্ৰ সংঘটিত হয়। সেই হিচাপে আৰু ৩০ কোটি বছৰৰ পাছতো একেই কথা পুনৰাবৃত্তি হ’ব৷ এই বিষয়ে ব্যাখ্যা কৰিছে এই অধ্যয়নৰ মুৰব্বী চুৱান হুয়াঙে।