লেহ – লাডাখলৈ যোৱাৰ পূৰ্বে…

0 29
শতাব্দ বিশেষ প্ৰতিনিধি, ৫ জুনঃ আজি কেইবছৰমানৰ আগলৈকে অতি দুৰ্গম অঞ্চল হিচাপে পৰিচিত লেহ-লাডাখত এতিয়া পৰ্যটকৰ লানি নিছিগা সোঁত। পূৰ্বতে দু:সাহসিক দুই এজন পৰ্যটকেহে এই ভূ-খণ্ডত ভৰি দিছিলহি। তেতিয়া ইয়ালৈ অহাৰ যেনেকৈ সুগম যোগাযোগ ব্যৱস্থা নাছিল তেনেকৈ ইয়াৰ জলবায়ুও অতি নিৰ্মম, বিষম প্ৰকৃতিৰ। অঞ্চলটোক কোৱা হয় শীতাৰ্ত মৰুভূমি (cold desert)। সেয়ে এই অঞ্চলটো একপ্ৰকাৰৰ ‘নিষিদ্ধ ভূমি’ হিচাপেই ভাৰতৰ মূল ভূ-খণ্ডৰ লোকসকলৰ বাবে পৰিচিত আছিল। কিন্তু অঞ্চলটোৰ অনিৰ্বচনীয় নৈসৰ্গিক সৌন্দৰ্যৰ বাবে ই এতিয়া এখন উল্লেখযোগ্য পৰ্যটক স্থান হিচাপে বিখ্যাত হৈ পৰিছে। বৰফে আৱৰা হিমালয়, হিমবাহ, নিৰ্মল খৰস্ৰোতা জলধাৰাৰে সিন্ধু নদী, প্ৰশস্ত হ্ৰদ, বৌদ্ধ মঠ ইত্যাদিৰে ইও এখন ভূস্বৰ্গ। সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ইয়াত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। কিয়নো ইয়াৰ পাছৰে পৰাই অঞ্চলটোত অতিপাত শীতৰ আগমন হয় আৰু দৈনন্দিন জীৱন প্ৰায় অচল হৈ পৰে। লেহ-লাডাখ অঞ্চলটোৰ গড় উচ্চতা প্ৰায় ১০,০০০ ৰ পৰা ১৪,০০০ ফুট। ইয়াৰ জলবায়ুৰ প্ৰকৃতি কিছু আচহুৱা ধৰণৰ। হিমালয়ৰ বৃষ্টিছায়া অঞ্চলত অৱস্থিত বাবে ইয়াত বৃষ্টিপাতৰ পৰিমাণ তেনেই কম। বছৰৰ তিনিশটা দিনতেই ইয়াত ৰ’দৰ পয়োভৰ। বতাহ অতি পাতল হোৱা বাবে ৰ’দৰ উত্তাপে ইয়াত মানুহক সহজেই দহে। গ্ৰীষ্মকালত দিনৰ গড় তাপমান ৫ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু নিশা হ’লেই তাপমাত্ৰা -১০ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ নামে। দিনতেই এজন লোকৰ চানবাৰ্ণ আৰু ফ্ৰ’ষ্ট বাইট দুয়োটাই হ’ব পাৰে। বতাহত অম্লজানৰ পৰিমাণ কম হোৱা হেতুকে ইয়াত শ্বাস-প্ৰশ্বাস লোৱা প্ৰক্ৰিয়াটো এজন সবল-সুঠাম শৰীৰৰ লোকৰ বাবেও কিছু আহুকলীয়া। শ্বাস-প্ৰশ্বাস জনিত বা উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে লেহ-লাডাখ উপযুক্ত স্থান নহয়। হঠাতে সমতল ভূমিৰ পৰা ইয়ালৈ অহা পৰ্যটকসকল প্ৰায়ে acute mountain sickness ত ভূগিব লগা হয়। এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ অলপতে লেহ প্ৰশাসনে বিশেষকৈ পৰ্যটকসকল আগমন হোৱাৰ ৪৮ ঘণ্টালৈকে অঞ্চলটোৰ উচ্চতা আৰু জলবায়ুৰ লগত অভ্যস্ত হোৱাৰ এটা নিয়ম বাধ্যতামূলক কৰিছে। সেয়ে পৰ্যটকসকলে লেহ-লাডাখলৈ যোৱাৰ পৰিকল্পনা কৰিলে অতিৰিক্ত দুদিন সময় হাতত লৈ যোৱা বাঞ্চনীয়।
মন্তব্য দিয়ক

Your email address will not be published.