লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে তিনিচুকীয়াত ১৪৪ ধাৰা 

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৭ মাৰ্চ : অহা ২৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশ স্বপ্নীল পালে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত ২৬ মাৰ্চৰ দিনা কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা গৃহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ সৈতে নিয়োজিত লোকসকলৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষেধ কৰা হৈছে ৷ প্ৰাৰ্থীসকলে পৰীক্ষাগৃহত মোবাইল ফোন (আনকি চুইচ অফ মোডত) বা আন যিকোনো ইলেক্ট্ৰনিক সঁজুলি, ষ্টৰেজ মিডিয়া ডিভাইচ, যিকোনো লিখিত তথা ছপা সামগ্ৰী, অসৎ উপায় অৱলম্বন কৰিব পৰা যিকোনো সামগ্ৰী লগত ৰখাতো নিষিদ্ধ কৰা হৈছে ৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে তিনিচুকীয়া মহাবিদ্যালয়, ৱিমেনজ্ কলেজ, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হব ।

মন্তব্য দিয়ক

Your email address will not be published.