শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ জুনঃ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তথা লখিমপুৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন, এঙাৰখোৱাৰ ৰূপালী জয়ন্তী বৰ্ষৰ [২০২২-২৩] উদ্বোধনী অনুষ্ঠানৰ আজি শুভাৰম্ভ হয়। ১৯৯৮ চনত স্থাপিত শিশু নিকেতনখনৰ আজি শুভাৰম্ভ অনুষ্ঠানৰ পুৱা ৯-০০ বজাত বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰতিষ্ঠাপক সভাপতি থানেশ্বৰ বৰুৱাই। ইয়াৰ পিচতে নিকেতনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, আচাৰ্য-আচাৰ্যাৰ উপস্থিতিত মংগলধ্বনিৰ মাজেৰে অঞ্চলটোৰ পঁচিশগৰাকী বিশিষ্ট লোকৰ জৰিয়তে ২৫ খন পতাকা উত্তোলনেৰে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিচতে আমাৰ অসম কাকতৰ লখিমপুৰৰ ষ্টাফ ৰিপৰ্টাৰ কুমুদ শইকীয়াই নিকেতনৰ দাপোনস্বৰূপ ‘সৃষ্টি’ নামৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে। দিনৰ ১১ বজাত নিকেতনৰ ফালৰ পৰা ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ উপলক্ষে বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পূবেৰ্ নিকেতন চৌহদত সেউজ মিত্ৰৰ জৰিয়তে পৰিৱেশ দিৱস উপলক্ষে বৃক্ষ ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দুপৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান উপলক্ষে মুকলি সভা অনুষ্ঠিত হয়। অৰুণোদয় লাইভৰ সুৰজিৎ ভূঞাই উদ্বোধন কৰা মুকলি সভাত সভাপতিত্ব কৰে প্ৰতিষ্ঠাপক সম্পাদক তথা উদযাপন সমিতিৰ সভাপতি জীৱন ৰাজখোৱাই। আজি পুৱাৰে পৰা সমগ্ৰ অনুষ্ঠানৰ আঁত ধৰে শংকৰদেৱ শিশু নিকেতন এঙাৰখোৱাৰ প্ৰধান আচাৰ্য গোলাপ বৰাই। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে লখিমপুৰ বিভাগৰ নিৰীক্ষক ৰঞ্জিত শইকীয়াই আৰু নিৰ্দিষ্ট বক্তা হিচাপে হৰিপুৰ নিকেতনৰ প্ৰধান আচাৰ্য ভূপেন বৰাই অংশগ্ৰহণ কৰে বুলি প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই জানিবলৈ দিছে। উল্লেখ্য যে নিকেতনখনে অতি গৌৰৱেৰে অঞ্চলটিত শিক্ষাৰ জ্যোতি বিলাই ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱাত স্থানীয় সকলো ৰাইজে নিকেতনৰ এই বৰ্ষজোৰা কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
