শতজান সংৰক্ষণৰ বাবে বিহংগ বন্ধুৰ আবেদন

0 45

উত্তৰ লখিমপুৰ, ২৯ অক্টোবৰঃ প্ৰকৃতি সংগঠন বিহংগ বন্ধুৰ তৰফৰ পৰা আজি যুগল বৰা আৰু আক্ৰামূল ইছলামে  লখিমপুৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা বন বিষয়াক শতজান পক্ষী উদ্যান সংৰক্ষণৰ বাবে এক আবেদন প্ৰদান কৰে। তাৰ লগতে কমলাবাৰী পথ বহলোৱাৰ বাবে যি সমূহ গছ কটাৰ বাবে চিন দিয়া হৈছে সেইসমূহৰ চৰাইৰ বাঁহ থকা গছবোৰক সুৰক্ষা দিয়াৰ বিষয়েও মৌখিক ভাবে আলোচনা কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.