শাৰদীয় বিশেষ কাব্যিক অনুষ্ঠানেৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱনঃ

0 23

শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ ছেপ্টেম্বৰঃ শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত কালি বিয়লি বিভিন্ন কবিৰ কবিতাৰে সিক্ত হ’ল তেজপুৰ সাহিত্য সভা ভৱন ।তেজপুৰ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাব্যানুষ্ঠানটিত বিভিন্ন কবি তথা লেখক – লেখিকাৰ কাব্যিক অনুভূতিৰে জীপাল হৈ পৰে।  সন্মিলনৰ সভাপতি ড° অনন্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শাৰদীয় কবিতাৰ অনুষ্ঠানটিত শেখৰ বৰুৱা, মৃদুল কুমাৰ চহৰীয়া, দীপালী মহন্ত গোস্বামী, অনুপ অসমীয়া,পল্লৱ ভট্টাচাৰ্য, বিপ্লৱ শৰ্মা,ৰাণু হাজৰীকা,কল্পনা কলিতা,অনু দেবী মহন্ত,প্ৰতাপ চন্দ্ৰ বৰা,চিনু পাঠক,মিনতি শৰ্মা,নিভা শৰ্মা,প্ৰহ্লাদ তালুকদাৰ,ৰিতা ৰাণী মালী ,চন্দনা দেৱী ,ক্ষীৰমাই দত্ত বৰা,দিলিপ কুমাৰ অধিকাৰী, বিউটি বৰা,দুগ্ধ কুমাৰ শইকীয়া,ৰুনা বৰ,ৰুঈ বৰা,কমলা গোস্বামী,তৰুণ ৰাজ,পদুমী বৰদলৈ,অঞ্জু দত্ত বৰা,দেৱজিৎ কুমাৰ শৰ্মাকে প্ৰমুখ্য কৰি ৩৮ গৰাকী কবিৰ কবিতাৰে একপ্ৰকাৰ গধুলিটি জীপাল কৰি তোলে। ইয়াৰ উপৰি নিভা শৰ্মা আৰু চন্দনা দেৱীৰ কন্ঠৰ একোটিকৈ গীত আৰু তিলক চন্দ্ৰ নাথে পৰিবেশন কৰা এটি নাটকৰ সংলাপে সমগ্ৰ অনুষ্ঠানটিত সোণত সুৱগা চৰায়। কবি সন্মিলনখনিৰ অন্তত সামগ্ৰিক কবিতা খিনিৰ ওপৰত কবি সন্মিলনখনিৰ সঞ্চালক, সদৌ আসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে আগবঢ়োৱা এক মননশীল সমীক্ষাই সন্মিলনখনিৰ তাত্বিক মূল্য বহু গুণে বৰ্ধিত কৰে। বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আঁতধৰা অনুষ্ঠানটিত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ সম্পাদক সংগীতা ৰাজখোৱাই । তেজপুৰ কবি সন্মিলনৰ মধ্যমণি ৰুণুমী বৰাই বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অনুষ্ঠানটিৰ আৰম্ভনিতে তেজপুৰ কবি সন্মিলনৰ কাণ্ডাৰী স্বৰূপ সদ্য প্ৰয়াত সদানন্দ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰা হয়।অনুষ্ঠানৰ হৈ প্ৰয়াত সদানন্দ দাসৰ স্মৃতি ৰোমন্থন কৰি এক আবেগিক তথা ৰুচিশীল বক্তব্য দাঙি ধৰে সন্মিলনৰ সভাপতি ড° অনন্ত নাথে।

মন্তব্য দিয়ক

Your email address will not be published.