শিক্ষকৰ আন্দোলন মষিমূৰ কৰিবলৈ অধ্যক্ষই নিকৃষ্ট পন্থা লোৱাৰ অভিযোগ

বিহপুৰীয়া মহাবিদ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতি

0 319

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুনঃ নাৰী নিৰ্যাতনৰ দৰে ঘটনাত সাঙুৰ খাই পৰা বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক গোটে দীৰ্ঘদিন শান্তিপূৰ্ণভাবে আন্দোলন চলাই অহাৰ পিছত শিক্ষকৰ আন্দোলন চলে বলে কৌশলে মষিমূৰ কৰিবলৈ অধ্যক্ষই কৰা ষড়যন্ত্ৰৰ আজি বহিঃপ্ৰকাশ ঘটে। আজি পুৱাৰ ভাগতে বিহপুৰীয়া মহাবিদ্যালয়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যাপকসকল মহাবিদ্যালয়লৈ অহাৰ সময়তে ছাত্ৰ একতা সভাৰ সম্পাদক আৰু কেইজনমান সহযোগীয়ে মিলি অধ্যাপকসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে ৷ উক্ত সম্পাদকজনে কালি ৬ জুন তাৰিখে চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰোঁতে নিৰীক্ষকে সতৰ্ক কৰি দিয়াত অসন্তুষ্ট হৈ নিৰীক্ষক হিচাবে থকা নৱ নিযুক্ত অধ্যাপিকা তিনিগৰাকীক ভীতি প্ৰদৰ্শন কৰিছিল ৷ উল্লেখযোগ্য যে মহাবিদ্যালয়ত অধ্যক্ষ গৰাকীয়ে মহিলা কৰ্মচাৰীসকলক যৌন নিৰ্যাতন আৰু মানসিক আতিশয্য চলোৱা, বিত্তীয় কেলেংকাৰী, মহাবিদ্যালয় আৰু অধ্যাপক সকলৰ অনেক গুৰুত্বপূৰ্ণ তথ্য সম্বলিত কম্পিউটাৰ আৰু তথ্য চুৰি প্ৰভৃতি ভালেমান গুৰুতৰ অভিযোগ উত্থাপন কৰি মহাবিদ্যালয়ৰ পাঠদান, পৰীক্ষা আদি কোনো শৈক্ষিক ক্ৰিয়া-কলাপত ক্ষতি নোহোৱাকৈ যোৱা ১১ মে’ৰপৰা অৱস্থান ধৰ্মঘট চলাই আহিছে আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতি আৰু ছাত্ৰ একতা সভাক অধ্যক্ষ গৰাকীয়ে নিজৰ হাতৰ মুঠিত ৰাখি আন্দোলনটো মষিমূৰ কৰিবলৈ যত্ন কৰি আহিছে ৷ ছাত্ৰ একতা সভাৰ সম্পাদক গৰাকীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ শিক্ষক সকলক মহাবিদ্যালয়ৰ পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগ তুলি উতপ্ত পৰিৱেশৰ সৃষ্টি কৰাত উপায়ন্তৰ হৈ শিক্ষকসকলে বিহপুৰীয়া আৰক্ষী থানাক কথাটো অৱগত কৰে আৰু ততালিকে আৰক্ষী আহি পৰিৱেশ নিয়ন্ত্ৰণলৈ আনে ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল অধ্যক্ষ গৰাকীয়ে পুৱা ৯ বজাৰ আগতেই মহাবিদ্যালয়লৈ আহি উপস্থিতিৰ চহী কৰি কৰ্মস্থলী ত্যাগ কৰিছিল ৷ সেয়ে সেই সময়ত মহাবিদ্যালয়ত অধ্যক্ষ কিম্বা উপাধ্যক্ষ – কোনো এগৰাকী উপস্থিত নাছিল আৰু ছাত্ৰ-ছাত্ৰীসকলে অধ্যাপক সকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰাত বাধা-প্ৰদান কৰি থকাৰ সময়তহে অধ্যক্ষগৰাকী প্ৰৱেশ-পথত উপস্থিত হৈছিলহি ৷ অধ্যক্ষগৰাকী মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাৰ পিছত পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিবৰ বাবে তেখেতক কাৰ্যালয়লৈ যাবলৈ অধ্যাপকসকলে অনুৰোধ কৰে যদিও তেখেতে সেই কথা নামানি বৰঞ্চ তেখেতক অধ্যাপকসকলে প্ৰহাৰ কৰিছে বুলি আৰক্ষীক জনায় আৰু লগে লগে আৰক্ষী আহি তেখেতক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যায় ৷ অধ্যক্ষৰ মিছা অভিযোগত অধ্যাপকসকলে ততালিকে বিহপুৰীয়া আৰক্ষী থানালৈ এজাহাৰ দিবলৈ যায় যদিও ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে নিজেই মহাবিদ্যালয়লৈ আহি সবিশেষ জানিবলৈ ইচ্ছা কৰে ৷ সেই অনুসৰি ক্ষন্তেক পিছতে তেখেত মহাবিদ্যালয়লৈ আহে আৰু অধ্যাপকসকলৰপৰা মন্তব্য গ্ৰহণ কৰে আৰু সবিশেষ তথ্য জিলা-আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক জনোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে কেইদিনমান আগতে কেইগৰাকীমান ভুৱা ছাত্ৰৰ অভিযোগৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই একাংশ অধ্যাপকৰ বিৰুদ্ধে মিছা অভিযোগেৰে কেইগৰাকীমান অধ্যাপকলৈ একোখনকৈ নটিচ জাৰি কৰিছিল ৷ কিন্তু নটিচত উল্লেখ কৰা ছাত্ৰসকলৰ নাম আৰু ঠিকনা সম্পূৰ্ণ মনে সজা আৰু বাস্তৱত তেনে নামৰ কোনো ছাত্ৰই এই মহাবিদ্যালয়ত অধ্যয়ন কৰা নাছিল ৷ এয়া যে প্ৰতিপক্ষৰ একান্তই কু অভিসন্ধি, সেই কথা সকলোৰে সহজেই অনুমেয় ৷

মন্তব্য দিয়ক

Your email address will not be published.