শিক্ষামন্ত্ৰীৰ গৃহ জিলা ধেমাজিত বন্ধ হ’ল ২৩ খনকৈ মাধ্যমিক শিক্ষানুষ্ঠানঃ লখিমপুৰত বন্ধ হ’ল ১১খন

 বিদ্যালয় বন্ধৰ বিৰোধিতা এছ এফ আই, ডি ৱাই এফ আইৰ

0 40

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ আগষ্টঃ ৰাজ্যত নতুনকৈ প্ৰাদেশীকীকৰণ হোৱা ১৯৭খন শিক্ষানুষ্ঠান বন্ধ কৰি চৰকাৰে নিকটৱৰ্তী বিদ্যালয়ত সংলগ্ন কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছে ভাৰতৰ ছাত্ৰ ফেডাৰেচন আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিয়ে৷ এছ এফ আই আৰু ডি ৱাই এফ আই য়ে। শীঘ্ৰে চৰকাৰক এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে টিউটৰ শিক্ষকসকলক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনাইছে৷ চৰকাৰে এই হাইস্কুল, জুনিয়ৰ কলেজ [চিনিয়ৰ চেকেণ্ডাৰী স্কুল] সমূহক মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল দেখুওৱা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা [৫০-১০০] কম হোৱাৰ বাবে ওচৰৰ ‘বেচ স্কুল’ৰ লগত সংলগ্ন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে৷ ইফালে এই শিক্ষানুষ্ঠান সমূহ চিৰদিনৰ বাবে বন্ধ কৰি দিয়াৰ লগতে ইয়াৰ ঘৰ-মাটি, সম্পত্তি আদি চিৰদিনৰ বাবে বন্ধ হৈ পৰিব বুলি সংগঠনদ্বয়ে উদ্বেগ প্ৰকাশ কৰি চৰকাৰক এনে সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে৷ বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহা একাংশ শিক্ষকক টিউটৰ হিচাপে গণ্য কৰা কাৰ্যক সংগঠনদ্বয়ে তীব্ৰ ধিক্কাৰ দি তেওঁলোকক পূৰ্ণ শিক্ষকৰ মৰ্যাদা দিবলৈ দাবী জনায় ৷ উল্লেখনীয় কথা যে চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অনুসৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজি জিলাত ২৩ খন, লখিমপুৰ জিলাৰ সোণাৰি চাপৰি টাউন হাইস্কুল, বাম বাঘমৰা হাইস্কুল, ডিমৰুগুৰি ছেৱালী হাইস্কুল, ডিক্ৰং চাপৰি জনজাতি হাইস্কুল, চিকেবি হাইস্কুল, লামুচুক সৰিয়নী হাইস্কুল, বীনাপাণি হাইস্কুল, ডিক্ৰং চাপৰি হাইস্কুল, পূৱ ডিক্ৰং চিনিয়ৰ চেকণ্ডাৰী হাইস্কুল, লখিমী বালিকা উচ্ছ মাধ্যমিক বিদ্যালয়, শান্তিজ্যোতি হাইস্কুলকে ধৰি মুঠ ১১খন এনে শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে৷ লক্ষণীয় বিষয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্য শতাংশ উত্তীৰ্ণ তথা এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অতি কম হোৱাৰ বাবেই এই বিদ্যালয় সমূহক চৰকাৰে এনেদৰে কাষৰীয়া শিক্ষানুষ্ঠানৰ লগত সংলগ্ন কৰিছে৷ শেহতীয়াকৈ লখিমপুৰত আৰু এনে কুৰিখন বিদ্যালয় সংলগ্ন কৰাৰ বাবে শিক্ষা বিভাগে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.