শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩১ মাৰ্চঃ শিক্ষা বিভাগৰ উৰ্ধতন কতৃৰ্পক্ষৰ নিদেৰ্শত জীয়াতু ভুগিছে শোণিতপুৰৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষসকলে৷ কাৰণ, শিক্ষা বিভাগৰ উৰ্ধতন বিষয়া তথা বিভাগীয় মুৰব্বীৰ অদূৰদৰ্শিতাৰ বলি যাতে ছাত্ৰ-ছাত্ৰীসকল নহয়,জিলাখনৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকলে দিনে নিশাই একাকাৰ কৰি মাৰ্চৰ অন্তিম দিনটোতো সকলো বিত্তীয় কাৰ্য সমাধা কৰিব লগীয়া হয়৷ শোণিতপুৰৰ একাংশ বিদ্যালয়ৰ মুৰব্বীৰ অভিযোগ মতে, শিক্ষা বিভাগে বিদ্যালয়সমূহৰ বিত্তীয় লেনদেন কানাড়া বেংকৰ জৰিয়তে কৰাৰ প্ৰক্ৰিয়া যোৱাটো বৰ্ষতে সম্পন্ন কৰে৷ সেই অনুসৰি প্ৰত্যেক বিদ্যালয়ৰ নিকটৱৰ্ত্তী বেংকত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ নামত থকা বেংক একাউন্টত ধন প্ৰেৰণ কৰাৰ বিপৰীতে বিদ্যালয়সমূহৰ অগোচৰে কানাড়া বেংকত বিদ্যালয়সমূহৰ ইউ ডাইচ নম্বৰৰ ভিত্তিত প্ৰত্যেক বিদ্যালয়ৰ নামত একাউন্ট মুকলি কৰি দিয়ে৷ একাউন্ট মুকলি কৰাৰ এই বাৰ্তা প্ৰাথমিক শিক্ষা খণ্ডসমূহৰ গাণনিকসকলৰ জৰিয়তে প্ৰাথমিক, উচ্চ প্ৰাথমিক, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান তথা অধ্যক্ষসকললৈ প্ৰেৰণ কৰে৷ সেই অনুসৰি ইয়াৰ পৰৱৰ্ত্তী সময়ত কানাড়া বেংকৰ একাউন্টত বিদ্যালয়ৰ বিপৰীতে ৰাজ্য চৰকাৰে আৱন্টন দিয়া ধন আহিবলৈ ধৰে৷ কিন্তু কি কি শিতানত কিহৰ উদ্দেশ্যে ধন আবন্টন হয়, সেই কথা বিদ্যালয়সমূহে নাজানে, যদিহে প্ৰাথমিক শিক্ষাখণ্ডৰ গাণনিকে নজনায়৷ তদুপৰি শোণিতপুৰত মাত্ৰ দুটা কনাড়া বেংকৰ শাখাহে আছে৷ আন এক অভিযোগ মতে, প্ৰায় পাঁচ মাহৰ আগতে কানাড়া বেংকৰ একাউন্টত সমগ্ৰ শিক্ষা অসমে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈ ২৪৮৫০ টকাকৈ বিদ্যালয়সমূহৰ ইয়ুথ আৰু ইক’ ক্লাবৰ বিপৰীতে অৱন্টিত কৰা ধনৰ ব্যৱহাৰৰ বিষয়ে কিন্তু মাৰ্চৰ অন্তিম দিনটোতো উক্ত ধন ব্যৱহাৰৰ নিদেৰ্শনা নাহিল৷ সেইদৰে ১৫হেজাৰ টকাকৈ উদ্ভাৱনীমূলক কামৰ বাবে অৱন্টিত ধনৰ ব্যৱহাৰ নহ’ল৷ বিদ্যালয়লৈ ধন অনুমোদনৰ পিচত, উক্ত ধন ব্যৱহাৰৰ নিদেৰ্শনা দিয়া হয়৷ যেন প্ৰধান শিক্ষকজন একো নজনা এজন অকামিলা ব্যক্তি৷এনে বিষয়াৰে ৰাজ্যৰ শিক্ষা বিভাগত স্থিৰতা কেতিয়াও আহিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰি একাংশ প্ৰধান শিক্ষকে কয় যে,এনে শিক্ষকৰ পৰাই আনুষ্ঠানিক শিক্ষা লৈ এতিয়া বিষয়া হোৱা সকলৰ বৰ্তমানৰ চিন্তা আৰু ব্যৱহাৰ আচৰিত ৷ আনহাতে ২৯-৩০ মাৰ্চত ছাত্ৰ-ছাত্ৰীৰ ইউনিৰ্ফমৰ ধন বিদ্যালয়সমূহৰ কানাড়া বেংকৰ একাউন্টত জমা হয়৷এই ক্ষেত্ৰত নিদেৰ্শ প্ৰেৰণ কৰা হ’ল যে, ৩১ মাৰ্চৰ পূৰ্বে উক্ত ধন ব্যৱহাৰ কৰিব লাগে৷ এই নিদেৰ্শৰ লগতে কোৱা হয় যে, ইউনিফৰ্মৰ নিবিদা পৰীক্ষা কৰাৰ বাবে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে তিনিজনীয়া কমিটি গঠন কৰিব লাগিব আৰু এই কমিটিয়ে কাপোৰৰ গুণাগুণ পৰীক্ষা কৰিবৰ বাবে বজাৰলৈ যাব লাগিব৷ তাৰ পিচত এক প্ৰতিবেদন প্ৰস্তুত কৰি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে প্ৰস্তাৱসহ অনুমোদনৰবাবে বিভাগীয় কতৃৰ্পক্ষলৈ প্ৰেৰণ কৰিব লাগিব৷ আচৰিত ভাবে ইয়াৰ বাবে সময় দিয়া হয় এটা দিনহে৷ অনুমোদিত ধন ৩১ মাৰ্চৰ পূৰ্বে ব্যৱহাৰ হ’বই লাগিব বুলি বাধ্যবাধকতা নিৰ্দ্ধাৰণ কৰাৰ ফলত অধিকাংশ বিদ্যালয় প্ৰধানে ইউনিফৰ্ম যোগান ধৰা ভেণ্ডৰ তথা ব্যৱসায়ীৰ একাউন্টলৈ ধন ট্ৰেন্সফাৰ কৰে, অন্যথা উক্ত ধন উভতি যাব৷ তদুপৰি আন এক বৃহৎ সমস্যা হিচাপে পৰিগণিত হৈছে কোন ভেণ্ডৰক কিমান ধন, কিহৰ বাবে দিয়া হ’ব, সেয়া ব্লকৰ গাণনিকক জনাব লাগিব, তাৰ পিচত গাণনিকে নিৰ্দিষ্ট ভেণ্ডৰক ধন আদায় দিব যদিও সেই ধন তেয়িালৈকে হস্তান্তৰ নহয়, যেতিয়ালৈকে ধন লেনদেনৰ নথিত বিদ্যালয় প্ৰধান তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য সচিব আৰু সভাপতিয়ে স্বাক্ষৰ কৰাৰ লগতে ছীলমোহৰ মাৰি তেজপুৰস্থ বা ঢেকিয়াজুলিস্থিত কানাড়া বেংকত জমা নিদিয়ে৷ এনে ব্যৱস্থা সৰল হ’লনে, সময়ৰ অপব্যৱহাৰ হ’ল বুলিও প্ৰশ্ন উঠিছে৷ এনে আচহুৱা অতি তিক্ততা অনুভৱ কৰা প্ৰধান শিক্ষক একাংশই কয় যে, সামাজিক-সাংস্কৃতিক অভিজ্ঞতা নথকা বা সমাজৰে সম্পৰ্ক নথকা প্ৰশাসনিক বিষয়াই এতিয়া শিক্ষা বিভাগৰ হৰ্তাকৰ্তা আৰু এনে সকলৰ বাবেই এনে দুৰ্গতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷