শিক্ষা মন্ত্ৰীৰ গৃহ জিলা গোগামুখত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ অধিৱেশনত চূড়ান্ত বিশৃংখলতা

থকা-খোৱাৰ অসুবিধাত ঘূৰি গ’ল বিভিন্ন জিলাৰ প্ৰতিনিধি

0 25
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১৩ জুনঃ ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হোৱা উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধানসকলৰ বৃহৎ সংগঠন ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সপ্তদশ অধিৱেশনখনি চূড়ান্ত বিশৃংখলেৰে দেওবাৰে সন্ধিয়া সামৰণি পৰে। অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে প্ৰায় ৩০ খনৰো অধিক জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিবলৈ অহা এই অধিৱেশনত বহু প্রতিনিধিয়ে মূল অধিবেশনত যোগদান নকৰাকৈয়ে ঘৰমুৱা হ’ব লগা হয়। পৰিতাপৰ কথা যে মাধ্যমিক শিক্ষা সঞ্চালক অসম তথা ৰাজ্যিক অধিবিদ্যা পৰিষদৰ ৰাজ্যিক সভাপতি মমতা হোজাইৰ নেতৃত্বত অনুষ্ঠিত হোৱা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচী চূড়ান্ত বিশৃংখলতাৰে সামৰণি পৰা বুলি সৰ্বত্ৰ চৰ্চিত হৈছে। যোৱা ১০-১২ জুনলৈ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই অধিৱেশনখনত যোগদান কৰিবলৈ অহা বিভিন্ন জিলাৰ তথা একাডেমিক কাউন্সিলৰ অন্তৰ্গত বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু বিভিন্ন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভালে সংখ্যক অধ্যক্ষই অধিবেশনত যোগদান কৰিবলৈ আহি থকা-খোৱাৰ অসুবিধাত আধাতে গৃহ জিলা অভিমুখে ৰাওনা হ’ব লগীয়া হয়। থকা-খোৱাকে ধৰি উপযুক্ত সভাগৃহ নথকাকৈ গোগামুখৰ দৰে ঠাইক পৰিষদে অধিবেশন অনুষ্ঠিতৰ বাবে কিয় নিৰ্বাচিত কৰিলে বুলি প্ৰশ্ন উত্থাপিত হৈছে। কেৱল শিক্ষা মন্ত্ৰীৰ গৃহ জিলা হোৱাৰ বাবেই পৰিষদে এই ঠাই বাচি ল’লে নেকি বুলিও বিভিন্নজনে প্রশ্ন উত্থাপন কৰিছে। ৮-৯ লাখ টকীয়া বৃহৎ বাজেটেৰে অনুষ্ঠিত কৰা এই অধিৱেশনৰ আলোচনা সত্ৰত ১১ জুনত সভাগৃহত বহিবলৈ স্থানৰ অভাৱ ঘটাত বহু প্রতিনিধিয়ে থিয় হৈ নতুন শিক্ষা নীতিৰ ওপৰত আলোচিত ড° ননী গোপাল মহন্তৰ ভাষণ শুনিব লগা হয়। তদুপৰি প্ৰতিনিধিসকলক যোগান ধৰা খাদ্যও অতি নিম্ন মানৰ আছিল বুলি অভিযোগ উত্থাপিত হৈছে। জিতেন শ‍ইকীয়া সম্পাদকৰ দায়িত্বত থকা অভ্যর্থনা সমিতিৰ চূড়ান্ত বেমেজালিৰ বাবেই ৰাজ্যিক অধিৱেশনখনত বহু প্রতিনিধি অসন্তুষ্ট হ’ব লগা হয়। প্রথম দিনা সন্ধিয়া অনুষ্ঠিত হোৱা কাৰ্যনির্বাহক সভাতো বহু প্রতিনিধিয়ে অংশ গ্ৰহণৰ পৰা বঞ্চিত হয়। ইফালে কালি সামৰণি পৰা এই অধিৱেশনত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুৱেও অংশ গ্ৰহণ কৰে। ৰাজ্যৰ কেবা সহস্র ব্য়ক্তিয়ে অংশ গ্ৰহণ কৰা এই অধিৱেশনৰ আগন্তুক ২০২২-২৪ বৰ্ষৰ নতুন সমিতিখনৰ বাচনি প্ৰক্ৰিয়াও স্বচ্ছ নহ’ল বুলি একাংশই দাবী কৰিছে। নতুন সমিতিখনত পদেন হিচাপে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই সভাপতি আৰু ধেমাজি জিলাৰ ডিব্ৰু মিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ খগেন চন্দ্ৰ পেণ্ড সম্পাদক নির্বাচিত হয়। অধিৱেশনৰ প্ৰায়বোৰ কাম-কাজ নৱনিৰ্বাচিত এইজন খগেন পেগুৰ লগতে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শ‍ইকীয়াৰ নেতৃত্বতে চলিছিল বুলিও এক সূত্ৰই সদৰি কৰে। ইফালে এই সন্দৰ্ভত খগেন পেগুৱে কয় যে অধিবেশন অনুষ্ঠিত হোৱাৰ পূৰ্বেই দূৰ দূৰণিৰ পৰা গোগামুখত বহু প্রতিনিধি উপস্থিত হোৱাত কিছু বেমেজালিৰ সৃষ্টি হয়।
মন্তব্য দিয়ক

Your email address will not be published.