শিৱসাগৰত ২৪ জুলাইত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক

0 18
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮ জুলাইঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি অহা ২৪ জুলাই দেওবাৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ ‘যুৱ দল’ শিৱসাগৰ পুখুৰী পাৰত আয়োজন কৰা হৈছে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিতব্য এই সভাত কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া, সদস্য-সদস্যা আৰু প্ৰত্যেক জিলাৰ সভাপতি-সম্পাদকৰ লগতে জিলাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যগৰাকীৰ জৰুৰী উপস্থিতি কামনা কৰিছে প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই।
মন্তব্য দিয়ক

Your email address will not be published.