শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : কেন্দ্ৰীয় চৰকাৰ, বাবা ৰামদেৱ আৰু পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰে ৰঙা দলিচা পাৰি হঠকাৰী সিদ্ধান্তৰে ৰাজ্যত পাম অইলৰ খেতি কৰিবলৈ লোৱা পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবদী যুৱ-ছাত্ৰ পৰিষদৰ (অজাযুছাপ) তিনিচুকীয়া জিলা সমিতি ৷ আজি পৃথকে পৃথকে প্ৰেৰণ কৰা বিবৃতিত জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বলিমৰা আৰু সাধাৰণ সম্পাদক সমৰ জ্যোতি গোহাঁইৰ উপৰি অজাযুছাপৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সোণমণি চলিহা আৰু সাধাৰণ সম্পাদক কাঞ্চন বৰাই পাম অইলৰ খেতিৰ দৰে সৰ্বনাশী কাৰ্যক সফল কৰিবলৈ ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকী নামি পৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । মানৱ সমাজৰ বাবে অতি মাৰাত্মক বুলি বিশেষজ্ঞসকলে দাবী কৰা এই খেতি ইতিমধ্যে শ্ৰীলংকাত চৰকাৰী ভাৱে নিষিদ্ধ কৰা হৈছে ৷ বিশেষজ্ঞ পৰিৱেশবিদসকলে গৱেষণা কৰি পোৱা তথ্য অনুসৰি এজোপা পৈণত পাম অইল গছক দৈনিক প্ৰয়োজন হয় ৩০০ লিটাৰ পানীৰ ৷ গতিকে ভূ-গৰ্ভৰ জলচক্ৰ নিঃশেষ হোৱাৰ পাছত অসমত মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ প্ৰবল আশংকা আছে ৷ আনহতে এই খেতিৰ পৰা বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হয় যাৰ ফলত বৃদ্ধি পাই গোলকীয় উষ্ণতা ৷ ভূমিৰ আৰ্দ্ৰতা হ্ৰাস পাই জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰো আশংকা কৰা হৈছে ৷ ইয়াৰোপৰি এই খেতিত ব্যৱহাৰ হয় অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ ৷ জানিব পৰা মতে এই খেতিৰ কাষৰীয়া মাটি আন খেতিৰ বাবে উপযোগী হৈ নাথাকে ৷ পাম খেতিৰ ফলত সৃষ্টি হোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰো কেতবোৰ স্থানত উদ্ভৱ হোৱা বিৰূপ পৰিস্থিতিৰ বিষয়ে দুয়োটা সংগঠনে বিবৃতিত একাধিক উদাহৰণ দাঙি ধৰিছে ৷ বিশ্বত ভয়াবহ খেতি হিচাপে পৰিচিত হৈ পৰা পাম খেতিক কেন্দ্ৰ কৰি পৰিৱেশ বিজ্ঞানী, পৰিৱেশ কৰ্মী তথা সচেতন নাগৰিকসকল উদ্বিগ্ন হৈ পৰাৰ সময়তে অসম চৰকাৰৰে পাম খেতিলৈ দেখুৱা তৎপৰতা অতি চিন্তনীয় ৷ পাম খেতি কিম্বা তৈল খেজুৰ জলপিপাসু আৰু সেউজ মৰুসদৃশ পৰিৱেশ সৃষ্টিকাৰী আক্ৰমণাত্মক উদ্ভিদ বুলি ইতিমধ্যে চিহ্নিত হৈছে । দক্ষিণ-পূব এছিয়াৰ বুজন পৰিমাণৰ বৰ্ষাৰণ্য ইতিমধ্যে তৈল খেজুৰৰ খেতিয়ে দখল কৰিছে ৷ উল্লেখ্য যে, অসম চৰকাৰে তৈল খেজুৰৰ খেতিৰ বাবে নিৰ্বাচিত কৰা তিনিচুকীয়া জিলাৰ ছৈখোৱা এটি কৃষি প্ৰধান অঞ্চল ৷ অঞ্চলটোৰ প্ৰায় ৮০ শতাংশ কৃষক ৰাইজে বৃহত্তৰ ছৈখোৱা অঞ্চলৰ বিভিন্ন এলেকাত কৰা শাকপাচলি খেতিয়ে সমগ্ৰ জিলাখনৰে চাহিদা পূৰন কৰি আহিছে ৷ আনহাতে এই ছৈখোৱাৰ সমীপতে আছে চহকী জৈৱ বৈচিত্ৰ্য আৰু বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ববিখ্যাত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৷ তেনেস্থলত এই ছৈখোৱাতে জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি স্বৰূপ মাৰাত্মক তৈল খেজুৰৰ খেতি চৰকাৰে কৰিব বিচৰাটো এক অবিবেচক কাণ্ড ৷ চৰকাৰে পাৰিপাৰ্শ্বিক প্ৰভাৱৰ সমীক্ষা নকৰাকৈ এনে এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ পৰিৱেশতন্ত্ৰলৈ অশনি সংকেত কঢ়িয়াই আনিব বিচৰা কাৰ্যক আছু আৰু অজাযুছাপই গৰিহণা দি এই ধ্বংসাত্মক খেতি বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ৷