শেষ দুৱাৰ

0 155

ৰিম্পী বৰুৱা

কোনখন দুৱাৰেদি সোমাই আহে
সূৰ্যৰ বৰ্ণিল ৰামধেনু !
আৰু লুকুৱাই থয়
বিষাদকাতৰ দুপৰীয়াটোক…

খোলা হ’ল পূৱৰ দুৱাৰ
সোমাই আহিল দুৰ্গন্ধই মহীয়ান কৰা কিছু জীৱন
নুখুলিবা… আহ ! নুখুলিবা সেইখন দুৱাৰ
তাত পুতি থোৱা আখমাতোভাৰ যাতনাময় বুকু
আৰু লৰকাৰ শ
আৰু ক্ৰছবিদ্ধ এজন যীশুক
আনখন পশ্চিমৰ
য’ত কিলবিলাই আছে
সুখ বিচাৰি দুখী হোৱা অসুখী আত্মাবোৰ…

সেইখন দক্ষিণৰ নুচুবা
খুলিলেই সোমাই আহিব
মৈথুনত বিকিৰিত
দুৰ্গন্ধময় বীৰ্য….

আৰু উত্তৰ দুৱাৰত
থিয় হৈ আছে বুভুক্ষা
কুকুৰ আৰু মানুহৰ যুঁজ
সংঘৰ্ষ আৰু সংঘাতৰ প্ৰতিযোগিতা
…….নিৰুদিষ্ট কেইটামান জীৱন

আহক খোলা হওক আন এখন দুৱাৰ
শেলুৱৈ শিলবোৰ চুই বৈ যাওক এখন নদী….. ভালপোৱাৰ
পুনৰ জীয়াই তোলা হওক বুদ্ধক
যি বোধিদ্ৰুমত জন্ম হওক
আন এক প্ৰজ্ঞা।

কবিৰ ঠিকনা নাৰায়ণপুৰ,মেৰমুখ – +91 70867 52865

মন্তব্য দিয়ক

Your email address will not be published.