শোণিতপুৰত কভিডত এজনৰ মৃত্যু 

0 16
শতাব্দ প্ৰতিনিধি, তেজপুৰ ২২জুলাইঃ শোণিতপুৰ জিলাখনত কভিডৰ সংক্রমণ বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। জিলাখনত আজি কভিডত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে জিলাখনত আজি আন বহুকেইজন লোক কভিডত আক্রান্ত হৈছে। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ল হাস্পতালত মৃত্যু হোৱা লোক জন ঢেকিয়াজুলি ৰাক্ষশমাৰীৰ ছিদ্দিক ৰহমান (৮০) বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।ইফালে আজি জিলাখনৰ বিভিন্ন স্থানত কভিড পৰিক্ষা কৰাত ৩২ জন লোকৰ দে‍হত কভিডৰ অৱস্থিতি ধৰা পৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.