শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৫জুলাইঃ দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা ৭৫ দিনৰ ভিতৰত ১৮-৫৯বছৰ বয়সৰ লোকক কভিড-১৯ৰ তৃতীয়টো অৰ্থাৎ বুষ্টাৰ টিকা প্ৰদানৰ সূচী আজি শোণিতপুৰতো শুভাৰম্ভ কৰিছে। আজি পুৱা তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পি পি চিত শোণিতপুৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিমান শৰ্মাৰ উপস্থিতিত এই টিকা নিৰ্দ্ধাৰিত বয়সৰ হিতাধিকাৰীক প্ৰদানৰ ব্যৱস্থা আৰম্ভ কৰা হয়। জিলা স্বাস্থ্য বিভাগে আজি “কভিড-১৯ টিকাকৰণ অমৃত মহোৎসৱৰ” অধীনত শোণিতপুৰ ১০৪টা কভিড-১৯ টীকাকৰণ কেন্দ্ৰত এই বুষ্টাৰ টিকা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, এই অভিযানৰ অধীনত ৭৫ দিনত শোণিতপুৰত ১৮বছৰৰ পৰা ৫৯বছৰ অনুৰ্দ্ধৰ ৪,৪৯,৩৪২গৰাকী লোকক কভিছিল্ড আৰু ১,৫৮,৯৭২গৰাকী লোকক কভাক্সিনৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।