শোণিতপুৰত নকল সোণ চক্ৰৰে জড়িত ১১জনক গ্ৰেপ্তাৰ

0 18

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০মে’ঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানা আৰু তেজপুৰ সদৰ আৰক্ষী থানা অন্তৰ্গত তিনিটা অঞ্চলত যোৱা নিশা স্হানীয় আৰক্ষীয়ে চলোৱা পৃথক অভিযানত নকল সোণৰ বেহাৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইয়াৰে ভিতৰত চাৰিদুৱাৰ আৰক্ষীৰ অভিযানত গুদামঘাটৰ পৰা সাতজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেজপুৰৰ শালনিবাৰী আৰক্ষীৰ অভিযানত ভালুকঝাৰণিৰ হানিফ আলি(২৭)আৰু আব্দুল মতলেব নামৰ আন দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে৷ তদুপৰি বৰঘাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় নুৰ আৰু ৰফিকুল নামৰ নকল সোণ চক্ৰৰে জড়িত আন দুই অভিযুক্ত৷ ইয়াকে লৈ শোণিতপুৰত যোৱা নিশা চলা তিনিটা পৃথক অভিযানত নকল সোণৰ চক্ৰৰে জড়িত মুঠ ১১জনক গ্ৰেপ্তাৰ কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.