শতাব্দ ষ্টাফ ৰিপ’ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰলৈকে শোণিতপুৰ জিলাত হ’ব লগীয়া ফাইলেৰিয়া নিৰ্মূল অভিযানৰ কৰ্মশালা উদ্বোধন কৰে মাননীয় যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদে লগত উপস্থিত থাকে মুখ্য স্বাস্থ্য বিষয়া ডাঃ ৰফিকুল ইছলাম, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা° বিমান শৰ্মা, জিলা অনুষ্ঠান প্ৰবন্ধক বিনয় দাস, জিলা মেলেৰিয়া বিষয়া কাকলি দত্ত আৰু মহকুমা স্বাস্থ্য বিষয়া সকল, বিভিন্ন স্বাস্থ্য বিষয়াসকল। ফাইলেৰিয়া পেলুৰ পৰা উৎপন্ন হোৱা আৰু মহৰ জৰিয়তে সংক্ৰমিত হোৱা এবিধ ৰোগ। ই এটা অত্যন্ত ভয়ানক বেমাৰ। মিহি সূতা আকাৰৰ ফাইলেৰিয়া পেলুবোৰ লসিকা গ্ৰন্থিত বাস কৰি ফাইলেৰিয়া ৰোগ সৃষ্টি কৰে। এই ৰোগত আক্ৰান্ত হোৱা বহু বছৰৰ আক্ৰান্ত ব্যক্তি গৰাকীৰ ভৰিবোৰ ফুলিবলৈ ধৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ আক্ৰান্ত স্থান সমূহ হাতীৰ ভৰিৰ দৰে ফুলি উঠে বাবে ইয়াক গোধা বেমাৰ বুলিও কোৱা হয়। মাইক্ৰ’ফাইলেৰিয়া থকা লোকক মহে কামুৰিলে আক্ৰান্ত লোকৰ পেলুবোৰ মহৰ দেহৰ ভিতৰত সোমায় আৰু সেই মহে আন এজন সুস্থ মানুহক কামুৰিলে মানুহজনলৈ এই ৰোগ সংক্ৰমণ হয়। ফাইলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিৰ লসিকা গ্ৰন্থিবোৰ সাধাৰণভাৱে ফুলিব পাৰে বা বিষ হব পাৰে আৰু লগতে জ্বৰো হব পাৰে। মাজে মাজে জ্বৰ হোৱাৰ বাহিৰে আন কোনো লক্ষণ বহু দিনলৈ দেখা নিদিবও পাৰে। এনেকৈয়ে কিছু মাহ বা বছৰ থকাৰ পিছত ৰোগৰ প্ৰবল আক্ৰমণত জ্বৰ উঠিব ধৰে। আক্ৰান্ত স্থানসমূহ ফুলিবলৈ ধৰে আৰু শৰীৰত বিষ হয় লগতে ৰোগীৰ অৱস্থা বেয়ালৈ গতি কৰে।কেইবছৰ মানৰ পিছত আক্ৰান্ত স্থান সমূহ খহটা বা টান হৈ পৰে। অসম চৰকাৰে স্বাস্থ্য বিভাগৰ উদ্যোগত এই ভয়ানক ৰোগবিধ নিৰ্মূল কৰিবৰ বাবে অহা ৩১ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰ,২০২৩ লৈকে এক ফাইলেৰিয়া (গোধা ৰোগ) নিৰ্মূল অভিযান আৰম্ভ কৰিছে। এই অভিযানত প্ৰশিক্ষণ প্ৰাপ্ত স্বাস্থ্য কৰ্মীয়ে ঘৰে ঘৰে গৈ বিনামূলীয়াকৈ ডি.ই.চি আৰু এলবেণ্ডাজল টেবলেট খুওৱাৰ ব্যৱস্থা কৰা হৈছে।