শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৮জুনঃ সংহাৰী বানে বিস্তৰ ক্ষতি সাধন কৰা শোণিতপুৰৰ তথা তেজপুৰৰ নিকটৱৰ্তী বাঁহবাৰী ডেকাচুবুৰীত কালি বিয়লি জিন্তু মুণ্ডা(১০)নামৰ এক কিশোৰৰ সলিল সমাধি ঘটিছে। ঘগৰা নৈৰ পাৰৰ অঞ্চলটোত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে পথাৰ তথা নৈৰ মাজত চিনচাব নোহোৱা পৰিস্থিতিৰ উদ্ভৱ হৈছে। কালি বিয়লি জিন্তু ঘগৰা নৈত পিচলি পৰি যায়। স্থানীয় একাংশ লোকে কিশোৰটিক পানীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ আনে যদিও কিশোৰটিৰ মৃত্যু ঘটে। উল্লেখযোগ্য যে, শোণিতপুৰত গাভৰু, ডিপোটা, বেলশিৰি, মানশিৰি, জৰাসৰ নৈৰ পানীয়ে বিস্তৰ ক্ষতি সাধান কৰিছে। ইতিমধ্যে বৈঠাভঙা, বাঁহবাৰী আদিত একাধিক বিদ্যালয় বানৰ বাবে বন্ধ হৈ পৰিছে। আনহাতে ঠেলামৰাত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত থকা এখন পকী দলং বানৰ বাবে বহি গৈছে আৰু এই দলংখন যিকোনো সময়তে খহি পৰাৰ আশংকা বৃদ্ধি পাইছে। বেলশিৰি নৈৰ প্ৰৱল সোঁতত খহিবলৈ আৰম্ভ কৰা দলংখন ৰক্ষা কৰাৰ বাবে লোকনিৰ্মাণ বিভাগে বাঁহ আদি বান্ধি চেষ্টা চলাইছে যদিও যিকোনো মূহুৰ্ততে অঘটন ঘটিব পাৰে। এনে হ’লে তেজপুৰ ঢেকিয়াজুলি তথা দৰঙৰ সতে যোগাযোগ বিচ্ছিন্ন হৈ পৰাটো নিশ্চিত। আনহাতে জিলাখনৰ গাভৰু গাওঁ পঞ্চায়ত অন্তৰ্গত অঞ্চলতো বানে বিধ্বংসী ৰূপ লৈছে। একেদৰে বৰছলাৰ ভঙামন্দিৰ অঞ্চলতো বান আৰু খহনীয়াই স্থানীয় ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে। আনহাতে, বালিপৰাস্থিত বালিপৰা সমবায় সমিতিত মজুত থকা যথেষ্ট পৰিমানৰ চাউলো বিনষ্ট কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ অধীনত আৱণ্টিত চাউলৰ ভিতৰত তিনিশ কুইন্টল চাউল ইয়াত মজুত আছিল আৰু সেই চাউল সম্প্ৰতি বানত নষ্ট হৈছে। উল্লেখযোগ্য যে, সমবায় সমিতিখনৰ কোঠালিত জৰাসৰৰ বাঢ়নি পানী প্ৰৱেশ কৰাত ইয়াত থকা চাউলৰ বস্তাসমূহ ভিজি এই বৃহৎ পৰিমানৰ চাউল বিনষ্ট কৰে। আনহাতে, জীয়াভৰলী নৈৰ প্ৰৱল বান গৰাখহনীয়াই তেজপুৰৰ বিভিন্ন অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে সময়তে মানশিৰি আৰু জৰাসৰ নৈৰ প্ৰলয়ংকৰী বানে তেজপুৰ বিশ্ববিদ্যালয়ৰ কাষৰীয়া একাধিক গাঁও অঞ্চলৰ সহস্ৰাধিক বাসগৃহ আৰু কৃষি ভূমি বুৰাই পেলোৱাত ৰাইজ অতিকৈ চিন্তিত হৈ পৰিছে। উল্লেখ্য যে মানশিৰি আৰু জৰাসৰ নৈৰ বানে ইতিমধ্যে তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বামুনগোলা, মানশিৰি, নপাম আৰু ভালুকঝাৰনি অঞ্চলত থকা লোক নিৰ্মাণ বিভাগৰ কেইটাবাটাও পথ ছিঙি পেলাইছে। সেই অনুসৰি আজি নৈ দুখনৰ প্ৰৱল বাঢ়নী পানীয়ে ভালুকঝাৰণি, শলমৰা, বোকাজান, সোণাবিল, কচুবিল আৰু ৰূপকুৰীয়া অঞ্চলৰ লগতে নপাম আৰু নিজ গৰৈমাৰী পঞ্চায়তৰ বৃহৎ এলেকা সম্পূর্ণৰূপে জলমগ্ন কৰিছে। ইফালে বানপানীয়ে সহস্ৰাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলোৱাত আশ্ৰয়ৰ বাবে বানাক্ৰান্ত পৰিয়ালবোৰৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। আনহাতে নপাম ভালুকঝাৰনি পথ, ভালুকঝাৰনিৰ পৰা চৰকাৰী ভূমি সংযোগী পথ আৰু শলমৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ কেইবাটাও পথৰ একাধিক অংশ বানে বুৰাই পেলোৱাত যাতায়াতৰ ক্ষেত্ৰত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। একেদৰে তেজপুৰ শলমৰাৰ মূল ব্যৱসায় কেন্দ্ৰও সম্পূর্ণৰূপে বানে বুৰাই পেলোৱাত আজি পুৱাৰে পৰা সকলো ব্যৱসায়ীক কেন্দ্ৰ বন্ধ হৈ পৰিছে। চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকাত চৰকাৰী তথ্য মতে মানশিৰি আৰু জৰাসৰ নৈৰ বানত ২৮ খন ৰাজহ গাঁৱৰ ১২,৯৪৭ জন লোক ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে,সম্প্ৰতি এই অঞ্চল সমূহত পশুখাদ্যৰ ব্যাপক নাটনি হৈছে যদিও এইক্ষেত্ৰত প্ৰশাসনে গুৰুত্বই নিদিয়াৰ অভিযোগ উঠিছে।
