শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জানুৱাৰীঃ আজি পুৱতি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই শোণিতপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্ত্তী দুইনম্বৰ পূৱ মানশিৰি তথা মালদাং পাহাৰৰ দাঁতিত চাৰিদুৱাৰ আৰক্ষীয়ে ভালুকপুং আৰক্ষী চকীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত উদ্ধাৰ কৰিছে তিনিটাকৈ হস্তনিৰ্মিত বন্দুক আৰু ১২ জাঁই সজীৱ গুলীৰ লগতে দুটাকৈ খালী কাৰ্টিজ। এক গোপন সূত্ৰৰ পম খেদি পুৱতি নিশা অভিযান চলাই টেপৰা খাকলাৰী(৪২),উত্তম ৰাভা(৩২)আৰু টিকিৰা মুচাহাৰী(৪৫)ক কৰায়ত্ত কৰাৰ লগতে এই অবৈধ মাৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷