শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ বাবে চৰকাৰে ৰাজ্যিক ভিত্তিত ১০ জন আৰু জিলাভিত্তিত ৮৯ জন কৰ্মচাৰী নিৰ্বাচিত কৰি অহা পাঁচ আগষ্টত লোককল্যাণ দিৱসত প্ৰদান কৰিব বঁটা। উল্লেখযোগ্য যে,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সৰ্বমুঠ ৯৯ গৰাকী কৰ্মচাৰীক প্ৰদান কৰিবলগীয়া “লোকসেৱা পুৰস্কাৰ”ৰ বাবে শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ তিনিজন কৰ্মচাৰীকো নিৰ্বাচিত কৰা হৈছে। ১৯৯৭ ৰ পৰা উপায়ুক্ত কাৰ্যালয়ত উপায়ুক্তৰ বাহন চালক হিচাপে কৰ্মৰত তথা তৃতীয় বৰ্গৰ কৰ্মচাৰী ভৱানন্দ চৌধুৰী, ১৯৯৪ ৰ পৰা ব্যক্তিগত কৰ্মচাৰী শাখাৰ জ্যেষ্ঠ সহায়ক তথা তৃতীয় বৰ্গৰ কৰ্মচাৰী মেদিনী বৰা আৰু বিগত ২৭ বছৰে ৰাজহ শাখাত কৰ্মৰত তথা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ভাগ্যৰাম মেচক এই “লোকসেৱা পুৰস্কাৰ”ৰ বাবে নিৰ্বাচিত কৰা হৈছে। সততা আৰু নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ স্বীকৃতি স্বৰূপে নিৰ্বাচিত কৰাত কৰ্মচাৰী কেইজনে সন্তোষ্টি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়তো পাঁচ আগষ্টত অনুষ্ঠিত হ’ব লোককল্যাণ দিৱস আৰু লোককল্যাণ দিৱসৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰমল শুক্লবৈদ্যই তিনিওজন কৰ্মচাৰীক বঁটা প্ৰদান কৰিব।