শতাব্দ প্ৰতিনিধি, তেজপুৰ ,২৭জুনঃ ৰাজ্যৰ প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত লোকৰ বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত এছ ইউ চি আই(কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক সমিতিয়ে ২৩ জুনৰ পৰা ২৯ জুনলৈকে আহ্বান জনোৱা দাবী সপ্তাহ পালনৰ অংশ হিচাপে দলৰ শোণিতপুৰ জিলা সমিতিৰ এক প্ৰতিনিধি দলে জিলাখনৰ বাঁহবাৰী, বান্দৰমাৰী, ৰোহিনীবিল আদি বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি আজি শোণিতপুৰ জিলা উপায়ুক্তলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। জিলা উপায়ুক্তৰ অনুপস্থিতিত অতিৰিক্ত জিলা উপায়ুক্তক প্ৰদান কৰা তথা দলৰ শোণিতপুৰ জিলাৰ সম্পাদক অজয় আচাৰ্য স্বাক্ষৰিত স্মাৰকপত্ৰত অভিযোগ কৰা হয় যে, এইবোৰ অঞ্চলত বন্যাৰ্ত ৰাইজে খাদ্য সামগ্ৰী সহ ত্ৰাণ সামগ্ৰী পৰ্যাপ্ত পৰিমাণে পোৱা নাই। পশুখাদ্যৰ খুবেই অভাৱ হৈছে বুলিও প্ৰকাশ কৰা হয় স্মাৰক পত্ৰত।কৃষক ৰাইজৰ কঠিয়াতলি সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাত কৃষকসকল মাৰাত্মক সমস্যাৰ সন্মুখীন হোৱাৰ উপৰি এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি অভিযোগ কৰা হয় যে,বানৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে শাক-পাচলি সহ সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটোৱাৰ ফলত ভূতৰ ওপৰত দানহ পৰাৰ অৱস্থা সৃষ্টি হৈছে। ইয়াৰ প্ৰতি প্ৰশাসনৰ কঠোৰ হস্তক্ষেপ দাবী কৰা হয়।তাৰোপৰি সকলো বান কবলিত মানুহৰ বাবে বিনামূলীয়া পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰা, বানৰ কবলত পৰি ঘৰ-বাৰী, সা-সম্পত্তি, খেতি-বাতি হেৰু ৱাসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা, পৰ্যাপ্ত পশু খাদ্যৰ যোগান ধৰা আৰু গাভৰু, জীয়াভৰলী নৈৰ বিধ্বংসী গড়াখহনীয়া সমস্যাৰ বিজ্ঞান ভিত্তিক স্থায়ী সমাধানৰ পদক্ষেপ গ্ৰহণ কৰাৰো দাবী জনোৱা হয়।