শোণিতপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ১৪ গৰাকী শিল্পীলৈ অসম চৰকাৰৰ এককালীন শিল্পী সন্মান

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৬ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ এগৰাকী প্ৰবীণ ভাওনা শিল্পীয়ে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰাৰ লগতে আন ১৪ গৰাকীকৈ বিভিন্ন ক্ষেত্ৰৰ শিল্পীয়ে এককালীন শিল্পী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে জিলাখনৰ তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি পিঠাখোৱা ৮৫ বছৰিয়া ভাওনা শিল্পী তথা অৱসৰপ্ৰাপ্ত শিক্ষক জয় চন্দ্ৰ নাথে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ বাবে আজি ঘোষিত অসম চৰকাৰৰ পৰা ২০২২-২৩ বৰ্ষৰ শিল্পী পেঞ্চনৰ তালিকাত শোণিতপুৰৰ একমাত্ৰ শিল্পী হিচাপে তালিকাভুক্ত হোৱাত  অঞ্চলটিৰ ৰাইজ উৎফুল্ল হৈ পৰিছে। একেদৰে তেজপুৰৰ চিত্ৰ – ভাস্কৰ্য্য শিল্পী মোহিনী হাজৰিকা, চিত্ৰশিল্পী মৃগেন্দ্ৰ কুমাৰ কলিতা, বায়ন খঞ্জন কলিতা, অভিনেতা নিৰূপ তালুকদাৰ, প্ৰবীণ চিত্ৰশিল্পী কুমুদ বৰুৱা, প্ৰবীণ অভিনেত্ৰী, কন্ঠশিল্পী তৰুলতা দাস, অভিনেতা মনোজ ভাৱেল, মিলনপুৰ বামুণ চুবুৰীৰ ভাওনা আৰু মুখাশিল্পী কামেশ্বৰ দাস, অভিনেতা তথা বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, নাট্যকাৰ-পৰিচালক সপোন শইকীয়া, সত্ৰীয়া আৰু লোকগীতৰ শিল্পী পূৰ্ণকান্ত নাথ, শাস্ত্ৰীয় সংগীতজ্ঞ সুৰেণ শইকীয়া আৰু জামুগুৰিহাটৰ ভ্ৰাম্যমাণৰ অভিনেতা হিৰু বৰঠাকুৰে এককালীন শিল্পী সন্মান লাভ কৰাত স্বাভাৱিকতে জিলাবাসী উৎফুল্ল হৈ পৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.