শোণিতপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ সাত দুৰ্ধৰ্ষ মটৰচাইকেল চোৰ

দহখনকৈ মটৰচাইকেল উদ্ধাৰ

0 9

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬জুলাই: শোণিতপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত জিলাখনৰ লগতে ওদালগুৰিত বহু সংখ্যক মটৰচাইকেল চুৰি ঘটনাৰে জড়িত মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।গ্ৰেপ্তাৰ হোৱা এই দুধৰ্ষ মটৰচাইকেল চোৰৰ দলটোৱে বিভিন্ন সময়ত চুৰি কৰি বিভিন্নজনক বিক্ৰী কৰা তথা লুকুৱাই ৰখা অৱস্থাত মুঠ নখন মটৰচাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিৰ্দ্দিষ্ট তথ্যৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে চলোৱা এই অভিযানত ওদালগুৰি ৰূপনগৰৰ জিতু দাস, ঢেকিয়াজুলি জৰ্দানপুৰৰ লুকাছ নাৰ্জাৰী, নগাঁও বঢ়মপুৰৰ ৰাজু শইকীয়া, তেজপুৰৰ দিহিঙীয়া কলিতা গাঁৱৰ ভাস্কৰ কলিতা, ৰঙাপৰা বিষ্ণুপুৰৰ নিজৱাম বসুমতাৰী, ঠেলামৰা গৰুডোবাৰ মহম্মদ খলিলুট উদ্দিন আৰু দক্ষিণ চিক্কিমৰ নামচিৰ প্ৰদীপ টামাঙক গ্ৰেপ্তাৰ কৰা হয়। বিভিন্ন জিলাৰ তথা বহিৰাজ্যৰ পৰা আহি ইয়াত থিতাপি লৈ সন্মিলিত ভাবে বিভিন্ন স্থানত মটৰচাইকেল চুৰিত লিপ্ত হোৱা এই দুধৰ্ষ দলটোৱে কেবল শোণিতপুৰতে ১০খন মটৰচাইকেল চুৰি কৰিছিল। উল্লেখযোগ্য যে, শেহতীয়াকৈ তেজপুৰত মটৰচাইকেল চুৰিৰ কেবাটাও ঘটনা সংঘটিত হৈছিল। তেজপুৰৰ বিবাহ ভৱন, বেংক আদিৰ সন্মুখৰ পৰাই প্ৰায় দহদিন পূৰ্বে একেদিনাই তিনিখন আৰু ইয়াৰ পূৰ্বে বেছেৰীয়া অঞ্চলৰ দুটা পৰিয়ালৰ বাসগৃহৰ পৰাই নিশা দুখন মটৰচাইকেল চোৰে লৈ গৈছিল। উল্লেখযোগ্য যে,আৰক্ষীয়ে উদ্ধাৰ কৰা দুচকীয়া বাহন সমূহৰ ভিতৰত কেবাখনো পালচাৰ মটৰচাইকেল আৰু একাধিক স্কুটী আছে। ইতিমধ্যে মটৰচাইকেল চোৰৰ দলটোক তেজপুৰস্থ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয় আৰু আদালতে দলটোক ন্যায়িক জিন্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে

মন্তব্য দিয়ক

Your email address will not be published.