শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৃষি সঞ্চালক আনন্ত লাল জ্ঞানীৰ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯ জুন: আজি অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত উপস্থিত হৈ শেহতীয়া বান পৰিস্থিতিত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় । লগতে, বৰছলা বিধায়ক গণেশ লিম্বু, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা আৰু জিলা কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে পাচনৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে সংযোগ বিচ্ছিন্ন কৰা বৰছলা সমষ্টিৰ অন্তৰ্গত টেগবস্তীত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে । উল্লেখযোগ্য যে বৰ্তমান বান পৰিস্থিতিৰ বাবে মূল ভূখণ্ডৰ পৰা বিচ্ছিন্ন হৈ পৰা টেগবস্তি অঞ্চলত প্ৰায় ২৫০ টা পৰিয়াল বাস কৰি আছে। উল্লেখ্য যে অসম চৰকাৰৰ এক নিৰ্দেশ অনুসৰি চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলক শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত জিলাসমূহ পৰিদৰ্শন কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষি সঞ্চালকগৰাকীয়ে লগতে বানপানীৰ সময়ত চপাই নৈৰ বাঢ়নী পানীয়ে যথেষ্ট ক্ষতিগ্রস্ত কৰা মনাবাগ চাহ বাগিছাৰ শ্ৰমিক লাইনটোও পৰিদর্শন কৰে। বানৰ সময়ত শ্ৰমিক লাইনৰ বাসিন্দাসকলক পানবাৰী মডেল এইচ এছ স্কুলত স্থাপন কৰা সাহায্য শিবিৰত আশ্ৰয় প্ৰদান কৰা হৈছিল আৰু তেওঁলোক যাতে সোনকালে নিজৰ ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে বৰ্তমান শ্ৰমিক লাইন পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।