শোণিতপুৰ জিলা আন্তঃ বিদ্যালয় বক্সিং প্ৰতিযোগিতা সমাপ্ত

0 33

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৮ আগষ্ট : শোণিতপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত অনুষ্ঠিত কৰা শোণিতপুৰ জিলা আন্তঃবিদ্যালয় বক্সিং প্ৰতিযোগিতা ১৪ পৰা ১৭ বছৰৰ অনুৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যোৱা ১৭ আগষ্ট, ২০২২ ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ পৰা প্ৰায় ১১০ জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। স্থানীয় হজৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱা, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জিতেন বৰা আৰু শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মুদৈ।

মন্তব্য দিয়ক

Your email address will not be published.