শতাব্দ প্ৰতিনিধি, তেজপুৰ ২৩ মেঃ শোণিতপুৰ জিলা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনখন আজি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়। এই উপল্যক্ষে পুৱা পতাকা উত্তোলন কৰে স্থায়ী সভাপতি ডাঃ হৰেণ শইকীয়াই। বন্তি প্ৰজ্জ্বলন কৰে সহঃ সম্পাদক স্বপন মৈত্ৰই। অনুস্থানৰ সৈতে সংগতি ৰাখি সভাৰ সাংগঠনিক সম্পাদক অনুপ অসমীয়াৰ পৰিচালনাত এক চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় আৰু এই অনুষ্ঠানত দশম শ্ৰেণীৰ পৰ্যন্ত অধ্যয়ন কৰা প্ৰায় দুশ ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ কলা ভূমিৰ প্ৰাঙ্গন ছবি আৰু হাঁহিৰে মুখৰ কৰি তোলে।লগতে বিজয়ীসকলক তিনিটা শাখাত চাৰিটাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়। দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা মূল সভাত সভাপতিত্ব কৰে বৰ্তমানৰ বিদায়ী সভাপতি ড° হৰেণ শইকীয়াই। সভাৰ লগতে সংগতি ৰাখি আয়োজন কৰা কবি সন্মিলনখনিত প্ৰায় ৩৫ জন স্থানীয় কবিয়ে দিনটোৰ কিছু সময় কবিতাৰে সময়ক মোহাচ্ছন্ন কৰি ৰাখে। কবিতাৰ অনুষ্ঠান মুকলি কৰি বিশিষ্ট কবি, অধ্যাপক প্ৰদীপ মহন্তই তেওঁৰ জ্ঞানগৰ্ভ ভাষণত কবি কুললৈ কালজয়ী সৃষ্টিৰ বাটৰ সন্ধান কৰিবলৈ আহ্বান জনায়। সেই সভাত কবিতাৰ নৈসৰ্গিক শোভাৰে সম্পাদিত “চিত্ৰলেখা” নামৰ কাব্য আলোচনীৰ উন্মোচন কৰে বিশিষ্ট কবি, গীতিকাৰ বংকিম চন্দ্ৰ শৰ্মাই। অধিবেশনৰ আন এক কাৰ্যসূচী আছিল পুৰণি কমিটিৰ পদত্যাগ আৰু নতুন কমিটি গঠন। সভাৰ সৰ্বসন্মতিক্ৰমে স্বপন মৈত্ৰক সভাপতি, সঙ্গীতা ৰাজখোৱাক সম্পাদক, অপূৰ্ব বৰা আৰু প্ৰবীন কটকী উপ-সভাপতি হিচাপে লৈ এখন ৩৫ জনীয়া কমিটি গঠন কৰা হয়। উক্ত কমিটিৰ পত্ৰিকা সম্পাদক হিচাপে ড° আৰ কে বেজবৰুৱাক বাছনি কৰা হয়। পূৰ্বৰ সভাপতিয়ে মুখ্য উপদেষ্টাৰ পদ অলংকৃত কৰিব বুলি শেষত শ্ৰদ্ধাৰে সভাৰ সামৰণি মাৰে। উল্লেখযোগ্য যে অহা জুনৰ ১১ তাৰিখে নতুন কমিটিয়ে কাৰ্য্ভাৰ গ্ৰহণ কৰিব।