শতাব্দ প্ৰতিনিধি তেজপুৰ,৩আগষ্ট: “এতিয়াৰে পৰা অৱসৰ গ্ৰহণ কৰা শিক্ষকেই হওক বা আন চৰকাৰী কৰ্মচাৰীয়েই হওক, কোনেও পেঞ্চনৰ টকা কেইটাৰ বাবে গুৱাহাটীলৈ তাঁতবাতি কৰিব নালাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে পেঞ্চন সেৱা কেন্দ্ৰ।” আজি বিয়লি তেজপুৰত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেজপুৰৰ চৰকাৰী বাছ আস্থানৰ সমীপত বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত বৰ্তমান মুকলি কৰা হৈছে এই পেঞ্চন সেৱা কেন্দ্ৰ। ৰাজ্য চৰকাৰৰ আন এজন মন্ত্ৰী অশোক সিংঘলৰ উপস্থিতিত মন্ত্ৰী হাজৰিকাই ফিটা কাটি আনুষ্ঠানিকভাৱে পেঞ্চন সেৱা কেন্দ্ৰটো মুকলি কৰি কয় যে, ৰাজ্য চৰকাৰে বৰ্তমান এনে ২২ টা পেঞ্চন সেৱা মুকলিৰ কথা চিন্তা কৰিছে। আনহাতে, ডি পি আই প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয় যে – তাতো ভাল মানুহ আছে। তাক অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু একাংশ লোকৰ বাবে সৃষ্টি হোৱা কেৰোণ আঁতৰাবলৈ চেষ্টা চলাই থকা হৈছে বুলিও তেওঁ উল্লেখ কৰে। উল্লেখ্য যে, তেজপুৰ নেহৰু ময়দানত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় “শোণিতপুৰ জিলা দিৱস”। ১৯৮৩ ৰ তিনি আগষ্টৰ দিনটোতে দৰং জিলাৰ পৰা পৃথক হৈছিল শোণিতপুৰ জিলা। আজিৰ এই ঐতিহাসিক দিনটোত অনুষ্ঠিত বিয়লিৰ মুকলি সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে মন্ত্ৰী হাজৰিকাই অংশগ্ৰহণ কৰে। আনহাতে, শোণিতপুৰ জিলা গঠনৰ ৩৯ বছৰত ভৰি দিয়াৰ বিশেষ দিনটোত প্ৰথমবাৰলৈ শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰ নেহৰু ময়দানত উদযাপন কৰা হয় “শোণিতপুৰ জিলা দিৱস”। বুৰঞ্জী প্ৰসিদ্ধ জিলাখনৰ ইতিহাস সামৰি এটা দিনৰ ভিতৰত একাধিক বৰ্ণিল কাৰ্যসূচীৰে “শোণিতপুৰ জিলা দিৱস”ৰ যি আয়োজন কৰা হৈছে সেয়া আজি পুৱা চাইকেল ৰেলিৰে শুভাৰম্ভ কৰা হয়। নেহৰু ময়দানৰ পৰা উলিওৱা চাইকেল ৰেলিৰ ফ্লেগ অফ কৰে শোণিতপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰভূষণ গগৈয়ে।