শোণিতপুৰ জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত ভাৰ উত্তোলন কৰ্মশালা

ভাৰতীয় ভাৰ উত্তোলন দলৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ

0 24

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৯ জুলাই : শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু তেজপুৰ অসমীয়া ক্লাবৰ যৌথ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ আছে ভাৰ-উত্তোলন প্ৰশিক্ষণ শিবিৰ। উল্লেখ্য যে, এই শিবিৰত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ প্ৰায় ৪০ টাৰো অধিক অনুমোদিত সন্থাৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে দৈনিক গ্ৰহণ কৰি আহিছে বিশেষ প্ৰশিক্ষণ। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰতীয় ভাৰ-উত্তোলন দলৰ প্ৰশিক্ষক চৰাইদেও জিলাৰ অনুপ কোঁৱৰে। এই প্ৰশিক্ষণ শিবিৰৰ পৰা আগন্তুক ছেপ্টেম্বৰ মাহত গোলাঘাট জিলাৰ ধনশিৰীত অনুষ্ঠিত হব লগীয়া আন্তঃ জিলা ভাৰ উত্তোলন আৰু ডিচেম্বৰ মাহত ডিব্ৰুগড় জিলাত অনুষ্ঠিত হব লগীয়া অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত শোণিতপুৰ ভাৰ উত্তোলন দলটোৱে অংশ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.